গোৰেশ্বৰঃ যৌন নিৰ্যাতনৰ ঘটনাৰ অভিযুক্ত এগৰাকী শিক্ষকক কৰায়ত্ত কৰাৰ দাবীত আজিও উত্তাল হৈ আছে বাক্সা জিলাৰ গোৰেশ্বৰ৷ আৰক্ষীয়ে যৌন নিৰ্যাতনকাৰীক কৰায়ত্ত কৰিব নোৱাৰাৰ প্ৰতিবাদত শুকুৰবাৰে পুৱাৰে পৰা পুনৰ উত্তাল হৈ পৰে গোৰেশ্বৰ৷ বিভিন্ন দল সংগঠনে গোৰেশ্বৰ মেইন চ'কত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

দিনৰ ১০-৩০ বজাত শতাধিক প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী আৰু দল-সংগঠনে গোৰেশ্বৰ মুখ্য চ'কত অৱস্থান কৰি প্ৰায় এঘন্টা পথ অৱৰোধ কৰে। প্ৰতিবাদকাৰী সকলে অসম আৰক্ষী হায় হায়, যৌন নিৰ্যাতনকাৰী ফিদ্দুছ ৰহমানক গ্ৰেপ্তাৰ কৰক, অসম আৰক্ষী ঘোচখোৰ আদি শ্ল’গান দিয়ে।

ইপিনে অপৰাধীক ৰক্ষণা-বেক্ষন দিয়াৰ লগতে বৃহৎ অংকৰ বিনিময়ত অপৰাধীক গ্ৰেপ্তাৰ নকৰি পলায়ন কৰিবলৈ সুবিধা দিয়া বুলি আৰক্ষীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে গোৰেশ্বৰ আঞ্চলিক কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি শংকৰ ৰাজবংশীয়ে।

যোৱা ২ অক্টোবৰত ২ নং গোৰেশ্বৰ ৰেল কল'নি নিবাসী তথা বেতনা কাউৰবাহা মিলন এম ই স্কুলৰ প্ৰধান শিক্ষক ফিদ্দুছ ৰহমানে ছবি শিকিবলৈ তেওঁৰ ঘৰলৈ অহা এগৰাকী চতুৰ্থ শ্ৰেণীৰ ৯ বছৰীয়া ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা বুলি অভিযোগ তুলি ছাত্ৰীগৰাকীৰ মাতৃয়ে গোৰেশ্বৰ থানাত যোৱা ৩ অক্টোবৰত এজাহাৰ দাখিল কৰিছিল।

ফিদ্দুছ ৰহমানৰ ভাতৃ অধিবক্তা বাহাৰুল ৰহমানেও ছাত্ৰীগৰাকীৰ পৰিয়ালক আইনী সহায় নল'বলৈ বুলি ভাবুকি দিয়াৰ পৰিপ্ৰেক্ষিতত তেওঁৰ বিৰুদ্ধেও এজাহাৰ দাখিল কৰা হৈছে। পিছে  এতিয়ালৈ কাকো কৰায়ত্ত কৰা হোৱা নাই আৰক্ষীয়ে। ১২ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰিব লাগে বুলি ইয়াৰ পূৰ্বে ৪ অক্টোবৰত গোৰেশ্বৰ থানা ঘেৰাও কাৰ্যসূচীও ৰূপায়িত কৰিছিল কেবাটাও সংগঠনে।

কিন্তু নিৰ্ধাৰিত সময় উকলি যোৱাৰ পিছতো অভিযুক্তক প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰাত ঘটনাৰ প্ৰতিক্ৰিয়া আৰু উত্তেজনা অব্যাহত আছে। শুকুৰবাৰে অভিযুক্তক কৰায়ত্ত কৰাৰ দাবীত পুৱাৰে পৰা  গোৰেশ্বৰ পুনৰ উত্তাল হৈ পৰে। সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখি ব্যৱসায়ী সকল ৰাজপথলৈ ওলাই আহে। শতাধিক প্ৰতিবাদীয়ে পথ অৱৰোধ কাৰ্যসূচীৰ ৰূপায়ণ কৰাৰ পিছত প্ৰতিবাদকাৰীসকল গোৰেশ্বৰ থানা ঘেৰাও কৰে।

প্ৰতিবাদকাৰীসকলে কেবাবাৰো থানাৰ মূল গেটত বল প্ৰয়োগ কৰি থানা চৌহদত প্ৰৱেশ কৰিবলৈ উদ্যত হোৱাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰিস্থিতি নিয়ন্ত্রণৰ বাবে বাক্সা জিলা আৰক্ষী অধীক্ষক বিনয় কলিতা, তামুলপুৰ মহকুমাধিপতি সুজিত বাগলাৰী, গোৰেশ্বৰ ৰাজহ চক্ৰ বিষয়া অলকানন্দা মেধি, বাক্সা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক ঘটনাস্থলীত উপস্থিত হৈ পৰস্থিতিৰ বুজ লয়।

ইপিনে ছাত্ৰীগৰাকীৰ ন্যায় বিচাৰি পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী সন্মিলনৰ সম্পাদক প্ৰমোদ তিৱাৰী, পূৰ্বোত্তৰ প্ৰদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ সভাপতি, সম্পাদক, উপ-সভাপতি গোৰেশ্বৰত উপস্থিত হৈ দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী তোলে।

গোৰেশ্বৰ আঞ্চলিক আছু, আক্ৰাছু, এবছু, বিএছইউ, মাৰোৱাৰী যুৱ মঞ্চ, এছএফআই, গণতান্ত্রিক মহিলা সমিতি, শৰণীয়া কছাৰী ছাত্ৰ সন্থা, বিজেপি যুৱ মৰ্চা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, গোৰেশ্বৰ ব্যৱসায়ী সমিতি, বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন, গৰীয়া-মৰীয়া দেশী জনগোষ্ঠীয় পৰিষদ, গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদ, মুছলিম যুৱ পৰিষদ, এবিএমছু আদিকে ধৰি কেবাটাও দল-সংগঠনৰ লগতে অঞ্চলটোৰ ভালেকেইখন চৰকাৰী আৰু বেচৰকাৰী শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী আৰু প্ৰতিবাদী ৰাইজে সমৰ্থন আগবঢ়াই।

প্ৰায় ডেৰ ঘন্টা থানাৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰাৰ পিছত প্ৰশাসনৰ পৰা কোনো নোপোৱাত প্ৰতিবাদকাৰীসকলে থানাৰ সম্মুখতে এখন প্ৰতিবাদী সভা আয়োজন কৰে। অৱশেষত বাক্সা জিলা আৰক্ষী অধীক্ষক বিনয় কলিতাই অহা ২৪ ঘন্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰাৰ আশ্বাস দিয়াৰ পিছতহে ক্ষান্ত হয় প্ৰতিবাদ।

আৰক্ষী প্ৰশাসনেও দোষীক ধৰিবলৈ ৰাইজৰ সহযোগ বিচাৰে। অৱশ্যে আৰক্ষীৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে যোৱা নিশাও কেবাস্থানত অভিযুক্ত ফিদ্দুছ ৰহমানক বিচাৰি তালাচী চলোৱা হৈছে যদিও সফল হ'ব নোৱাৰিলে। আনহাতে সংগঠন সমূহে এজাহাৰ দিয়াৰ পিছতে অভিযুক্তক গ্ৰেপ্তাৰ কৰিব পৰা গ'ল হেতেন যদিও সিদিনাই গ্ৰেপ্তাৰ নকৰি পলায়ন কৰিবলৈ অপৰাধীক সুবিধা দিয়া বুলি গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেৰাম্ব গোস্বামীৰ ওপৰত অভিযোগ তুলিছে।

সেয়েহে মাৰোৱাৰী যুৱ মঞ্চৰ পূৰ্বোত্তৰ প্ৰদেশীয় সমিতিয়ে গোৰেশ্বৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হেৰাম্ব গোস্বামীক শীঘ্ৰে নিলম্বন কৰাৰ দাবী তুলিছে। আনহাতে বাক্সা আৰক্ষী অধীক্ষকে দিয়া আশ্বাস অনুসৰি যদিহে অহা ২৪ ঘন্টাৰ ভিতৰত প্ৰশাসনে অভিযুক্তক কৰায়ত্ত কৰিব নোৱাৰে তেন্তে গোৰেশ্বৰৰ দল-সংগঠনে পুনৰ তীব্ৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি হুংকাৰ প্ৰদান কৰে।