newsnextone৷ দুলীয়াজানঃ যোৱাকালি দুলীয়াজানত নিখিল ভাৰত জাতীয় কংগ্ৰেছে আহ্বান জনোৱা ভাৰত বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰা দেখা গৈছে৷ পেট্ৰল, ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ৰোধ কৰি সৰ্বসাধাৰণ জনসাধৰণক সকাহ দিবলৈ কংগ্ৰেছৰ বিজেপি বিৰোধী প্ৰতিবাদত বন্ধহৈ পৰিছে দুলীয়াজানৰ কৰ্মজীৱন৷ অন্যহাতে দুলীয়াজানৰ বিভিন্ন স্থানত যুৱ কংগ্ৰেছৰ প্ৰতিবাদী সকলে টায়াৰ জ্বলাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাত দুলীয়াজানত ব্যৱসায়ী প্ৰতিষ্ঠান সমূহৰ লগতে অইল ইণ্ডিয়াৰ কৰ্মজীৱন সম্পুৰ্ণ ভাৱে বিকল হৈ পৰিছে৷ ইফালে দুলীয়াজান আৰক্ষীয়ে বিভিন্ন স্থানত প্ৰতিবাদ সাব্যস্থ কৰা 31 জন প্ৰতিবাদীক আটক কৰিছে বুলি জানিব পৰা গৈছে৷