আমগুৰিঃ শিৱসাগৰৰ আমগুৰিত ৰাষ্ট্ৰীয় ঘাই পথ মেৰামতিৰ দাবীত পথ অৱৰোধ৷ বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, আহোম সেনা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতিৰ দাবীত পথ অৱৰোধ কাৰ্যসুচী ৰূপায়ণ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বিধ্বস্তপ্ৰায় ঘাইপথটোৰ শিৱসাগৰ জিলাৰ জাঁজীৰ পৰা ভটীয়াপাৰ অংশটো ডাঙৰ ডাঙৰ গাতৰ সৃষ্টি হোৱাত যান-বাহনত চলাচল কৰাত ব্যাপক সমস্যাত পৰিছে৷ সৰু-বৰ গাঁত সমূহে পথাচাৰীলৈ একপ্ৰকাৰ বিপদ মাতি আনিছে। দীৰ্ঘদিন ধৰি পথছোৱা বিধ্বস্ত হৈ থকাৰ পাছতো ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে মেৰামতি নকৰাৰ বাবে এতিয়া পথাচাৰীসকলে জ্বলা-কলা খাব লগা হৈছে।

এই ৰাষ্ট্ৰীয় ঘাইপথৰ জাঁজী অঞ্চলত সৃষ্টি হোৱা একাঁঠু পৰ্যন্ত দ’ গাতে বিপদত পেলায় পথটোত যাতায়ত কৰা যান-বাহনসমূহৰ চালকক। জিলা প্ৰশাসন তথা জনপ্ৰতিনিধি সকলক স্থানীয় দল-সংগঠনে আবেদন-নিবেদন জনাই অহাৰ পিছতো গুৰুত্ব আৰোপ নকৰাত অহোম সেনা, বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ লগতে যুৱ-ছাত্ৰ পৰিষদে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। পথ অৱৰোধৰ ফলত পথটোত শ শ যান-বাহন আবদ্ধ হৈ পৰে।