ডিজিটেল ডেস্কঃ অৰ্থনীতিৰ নবেল বঁটা আহিব পাৰে ভাৰতলৈ৷ ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ প্ৰাক্তন গৱৰ্ণৰ ৰঘূৰাম ৰাজনৰ হাতলৈ আহিব পাৰে এই বছৰৰ অৰ্থনীতিৰ নোৱেল বঁটা। যদি এই বাতৰি সত্য হয় তেতিয়া হ'লে ৰঘূৰাম ৰাজন অৰ্থনীতিত নোৱেল বঁটা জয় কৰা দ্বিতীয়জন ভাৰতীয় হ'ব। দা ৱাল ষ্ট্ৰীট জাৰ্নেল নামৰ আলোচনীখনৰ মতে আমেৰিকান ৰিচাৰ্চ কোম্পানী "ক্লেৰিভেট এনালাইটিকচ"এ সম্ভাৱিত নোৱেল বঁটা বিজয়ী সকলৰ এখন তালিকা প্ৰকাশ কৰিছে।

যিখন তালিকাত নাম আছে ৰাজনৰ। এই খবৰ প্ৰচাৰ হোৱাৰ পিছতে ভাৰতত চৰ্চাৰ বিষয় হৈ পৰিছে৷ কিয়নো বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ সময়ত ৰিজাৰ্ভ বেংক অৱ ইণ্ডিয়াৰ গৱৰ্ণৰ হৈ থকাৰ সময়ত হোৱাৰ মনোমালিন্য ফলত ৰাজনে পদত্যাগ কৰিছিল৷ ক্লেৰিভেট এনালাইটিকচে ৰাজনৰ নাম কৰ্পৰেট ফাইনেন্সৰ ক্ষেত্ৰখনত কৰা কামৰ আধাৰত এই তালিকাখনত চামিল কৰে। অহা সোমবাৰে অৰ্থনীতিৰ নোৱেল বিজয়ীজনৰ নাম ঘোষণা কৰা হ'ব।

US ৰিচাৰ্চ কোম্পানী ক্লেৰিভেট এনালাইটিকচে তৈয়াৰ কৰা অৰ্থনীতিৰ নোৱেল বঁটাৰ সম্ভাৱিত বিজয়ী সকলৰ তালিকাত মুঠ ছয় গৰাকী ব্যক্তিৰ নাম অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ আগতে ভাৰতৰ কৈলাস সত্যাৰ্থীয়ে শান্তিৰ নোৱেল বঁটা লাভ কৰিছিল। তেও এই সন্মান শিশুসকলৰ বাবে কৰা কামৰ বাবে লাভ কৰিছিল। উল্লেখযোগ্য যে ৰাজনে নিজৰ আত্মজীৱনী 'I Do What I Do: On Reforms Rhetoric and Resolve'ত নৰেন্দ্ৰ মোডী চৰকাৰৰ 'বিমুদ্ৰাকৰন'ক অতি কঠোৰ ভাৱে সমালোচনা কৰিছিল।

গ্ৰন্থখনত তেও বিমুদ্ৰাকৰনৰ ফলত দেশৰ অৰ্থনীতি ধংসৰ দিশে যাব বুলি তেঁও চৰকাৰক সকীয়নি প্ৰদান কৰিছিল বুলি গ্ৰন্থ খনত লিখিছিল৷ কলাধনক চিষ্টেমৰ ভিতৰলৈ আনিবলৈ বিমুদ্ৰাকৰনতকৈয়ো ভাল উপায় আছিল বুলি জনাইছিল।

ৰঘূৰাম ৰাজনৰ জন্ম মধ্যপ্ৰদেশৰ ভূপালৰ এক ব্ৰাহ্মণ পৰিয়ালত হৈছিল। তেও দিল্লী আৰ কে পুৰমৰ ডিপুএচ স্কুলত নিজৰ শিক্ষা জীৱন আৰম্ভ কৰে। ১৯৮৫ত IIT দিল্লীৰ পৰা ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম সমাপ্ত কৰে। তাৰ পিছত ১৯৮৭ত IIM আহমেদাবাদৰ পৰা MBAৰ ডিগ্ৰী লয়। ১৯৯১ত MIT universityৰ পৰা তেও ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০১৩ চনৰ ৪ ছেপ্তেম্বৰ পৰা কংগ্ৰেছ চৰকাৰৰ সময়ত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ দায়িত্ব গ্ৰহন কৰিছিল।