বহু দিনৰ পৰা ৰাজ কাপুৰৰ আৰ কে ষ্টুডিঅ’ৰ সকলোতে যেন এক  চৰ্চা বিষয়ে হৈ পৰিছে৷ কিছুদিন পূৰ্বে আৰ কে ষ্টুডিঅ’ বিক্ৰী কৰাৰ বিষয়ক লৈ বিতৰ্কৰ সৃষ্টি হৈছিল৷ কিন্তু এইবাৰ এই বিষয়ক লৈ নহয় বৰঞ্চ আৰ কে ষ্টুডিঅ’ক চিনেমাৰ সংগ্ৰহালয় কৰিবলৈ দাবী কৰাৰ বাতৰি প্ৰকাশ পায়ছে৷

 ৭০ বছৰৰ পৰা চলি অহা আৰ কে ষ্টুডিঅ’ক চিনেমা জগতৰ জাকজমকতাৰ নিদৰ্শন বুলি সকলোৱে মানি চলে৷ আৰ্থিক সমস্যাৰ বাবে কাপুৰ পৰিয়ালে এই ষ্টুডিঅ’টোক বিক্ৰী কৰাৰ কথা চিন্তা কৰিছে বুলি  জানিব পৰা গৈছে৷ 

বৰ্তমান চৰকাৰে আৰকে ষ্টুডিঅ’ক ক্ৰয় কৰি সংগ্ৰহালয় নিৰ্মাণ কৰিব লাগে যাতে চিনেমা জগতৰ ই এক ঐতিহাসিক ষ্টুডিঅ’ তথা চিনেমাৰ ইতিহাস সোঁৱৰাই থাকিব পাৰে৷ লগতে নৱ প্ৰজন্মৰ বাবে ই এক উজ্জনল নিদৰ্শন হওঁক বুলি চিন্তা কৰা মুম্বাইৰ কংগ্ৰেছৰ অধ্যক্ষ সঞ্জয় নিৰুপমে ৰাজ্যৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফড়নবীচলৈ চিঠিৰ যোগেদি এই সকলোবোৰ লিখি প্ৰেৰণ কৰে৷

উল্লেখযোগ্য যে আৰকে ষ্টুডিঅ’ কাপুৰ পৰিয়ালৰ এক আপুৰুগীয়া সম্পত্তি৷ ১৯৪৮ চনৰ চিনেমাৰ শ্বুটিংৰ বাবে ৰাজ কাপুৰে এই ষ্টুডিঅ’ নিৰ্মাণ কৰি উলিয়াইছিল৷ কিন্তু সময়ৰ গতিত এই ষ্টুডিঅ’ বন্ধ হোৱাৰ উপক্ৰম হ’ল৷

মুম্বাইত স্থিত শ্বুটিংৰ বাবে আৰকে ষ্টুডিঅ’ত ভয়ানক ৰূপত বৃদ্ধি পোৱা ট্ৰেফিক, খলা-বমা পথ, দূৰত্ব তথা প্ৰদূষণৰ বাবে যাবলৈ ভয় কৰা হ’ল৷ যাৰ ফলত আৰ কে ষ্টুডিঅ’ৰ অায়ৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে৷ ফলত কাপুৰ পৰিয়ালে খৰচ বহনৰ বাবে আৰ্থিক সমস্যাৰ লগত যুজঁ দিয়াৰ অনুভৱ কৰি এই সিদ্ধান্ত লয়৷