প্ৰতীকি ফটো
প্ৰতীকি ফটো

newsnextone.com | চাবুৱাঃ ২০১৭ চনৰ ৩১ ডিচেম্বৰত চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ম্যাদ অন্ত পৰে৷ ২০১৮ চনৰ ১ জানুৱাৰীৰ পৰা চাহ শ্ৰমিকসকলে বৰ্দ্ধিত মজুৰি লাভ কৰিব লাগিছিল যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰাৰ বাবেই ৰাজ্যৰ চাহ শ্ৰমিকে সামন্য মজুৰিৰে ঘৰ চলাব নোৱাৰি হাহাকাৰ কৰিব লগা হৈছে৷ ফলত পুনৰ আন্দোলন কৰিব লগা চাহ শ্ৰমিকসকলে৷
 
৬ মাহ উকলি যোৱাৰ পিচতো বিজেপি চৰকাৰে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নকৰাত চাহ শ্ৰমিক মজুৰি বৃদ্ধি যৌথ সংগ্ৰাম সমিতিয়ে আন্দোলনৰ কাৰ্যসুচী ঘোষণা কৰে৷ সমগ্ৰ অসম জুৰি চাইকেল, মটৰ চাইকেল ৰেলী কৰাৰ অন্তত ২৮ জুনত শিৱসাগৰৰ ডিমৌত এক সমাবেশৰ অনুষ্ঠিত কৰি এই প্ৰচাৰ অভিযানৰ অন্ত পৰিব৷ 

তাৰ মাজতে বিজেপি চৰাকৰক উঙতি ধৰিছে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে৷ বিজেপি চৰকাৰে নিৰ্বাচনৰ পূৰ্বে চাহ শ্ৰমিকসকলক দিয়া প্ৰতিশ্ৰুতি ভংগ কৰিছে বুলি কৈ কোম্পানীৰ সৈতে হোৱা বুজাবুজি আৰু উপদেষ্টা ব’ৰ্ডৰ বৈঠকৰ নামত চাহ শ্ৰমিকসকলক আভুৱা ভাৰি আহিছে বুলি কৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে সোচ্চাৰ হৈ পৰে৷ বিজেপি চৰকাৰে চাহ শ্ৰমিকসকলক প্ৰতাৰণা কৰাৰ জবাব অহা নিৰ্বাচনত দিয়া হ’ব বুলি কয় চাহুৱে

বিজেপি চৰকাৰক ঠগ চৰকাৰ আখ্যা দিয়ে চাবুৱাৰ প্ৰাক্তন বিধায়ক তথা অসম চাহ মজদুৰ সংঘৰ পানীতোলা শাখাৰ সম্পাদক ৰাজু চাহুৱে৷ এক বিবৃতি যোগে প্ৰাক্তন বিধায়ক চাহুৱে সৰ্বসাধাৰণক অচ্ছে দিন আৰু পৰিৱৰ্তনৰ সপোন দেখুৱাই শাসনলৈ অহা বিজেপি চৰকাৰে বিগত ৬ মাহে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আৰু চৰকাৰৰ বিফলতা বুলি মন্তব্য প্ৰকাশ কৰে৷

নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ কথা উল্লেখ কৰিছিল বুলি বিজেপিক উঙতি ধৰি ৰাজ্যত চৰকাৰ গঠনৰ দুটা বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে কিয় মজুৰি বৃদ্ধি কৰিব নোৱাৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে প্ৰাক্তন বিধায়কগৰাকীয়ে৷ একেটা বিবৃতি যোগে প্ৰাক্তন বিধায়ক চাহুৱে কয় যে পূৰ্বে অসম চাহ মজদুৰ সংঘই মালিক পক্ষৰ লগত দ্বি-পাক্ষিক আলোচনাৰ জৰিয়তে সময়মতে শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধি কৰিছিল৷

বিজেপি ধনীক শ্ৰেণীৰ চৰকাৰ বাবেই সাধাৰণ চাহ শ্ৰমিকৰ স্বাৰ্থত দ্বি-পাক্ষিক আলোচনা অনুষ্ঠিত নকৰা বুলি কয়৷ চৰকাৰখনে ৱেজ বৰ্ড গঠন কৰি চাহ শ্ৰমিকৰ মজুৰি ৬মাহ পাৰ হৈ যোৱাৰ পিছতো বৃদ্ধি কৰিব নোৱাৰাত তীব্ৰ ক্ষোভ প্ৰকাশ কৰে বিধায়ক চাহুৱে৷ অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি ঘটোৱা বিজেপি চৰকাৰৰ দিনত চাহ শ্ৰমিকে ১৩৭ টকা মজুৰিৰে পৰিয়াল চলাব নোৱাৰে৷ এই কথা বিজেপি চৰকাৰে জানেনে? চাহ শ্ৰমিকৰ দৰমহা মোকলাই নিদি ৬মাহত কোটি কোটি টকা ৰেহাই দিলে মালিক গোষ্ঠীক৷ ইপিনে চাহ শ্ৰমিকসকলক বঞ্চনাৰ প্ৰতিবাদত ৪ জুলাইৰ পৰা ৰাজ্যৰ বাগিচাই বাগিচাই ১ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰিব অসম চাহ মজদুৰ সংঘই৷ ইয়াৰ পৰৱৰ্তী সময়ত ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিব বুলি প্ৰাক্তন বিধায়ক ৰাজু চাহুৱে বিবৃতিত উল্লেখ কৰে৷