newsnextone.com | ৰঙিয়াঃ ভূটান পাহাৰৰ পৰা বৈ অহা নৈৰ বুকু খান্দি শিল-বালি ট্ৰাক-ডাম্পাৰত ভৰাই ৰঙিয়া চহৰৰ মাজেৰে নিতৌ অবৈধ ভাৱে সৰবাহৰ হৈ অহাৰ অভিযোগ উত্থাপন হৈ অহাৰ সময়তে বৃহস্পতিবাৰে কামৰূপৰ ৰঙিয়াত ৬ খন ড্ৰাম্পাৰক লৈ হাই ভল্টেজ ড্ৰামা হোৱা পৰিলক্ষিত হয়৷ চহৰৰ মাজেৰে পাৰ হৈ যোৱা ভাৰত-ভূটান ৰাষ্ট্ৰীয় ঘাইপথৰ দলৈগাঁৱত দুটাকৈ সংগঠনৰ সদস্যই শিল-বালি কঢ়িওৱা ডাম্পাৰ আবদ্ধ কৰাত এই ড্ৰামা হোৱা দেখা যায়৷ সংগঠন দুটাই ডাম্পাৰ-ট্ৰাকে চালান বিহীনভাৱে আৰু অতিৰিক্ত বোজা কঢ়িওৱা বুলি অভিযোগ উত্থাপন কৰি ৬খন ডাম্পাৰ ৰাষ্ট্ৰীয় ঘাইপথত আবদ্ধ কৰে৷ 

সংগঠন দুটাই দাবী কৰা মতে, তেওঁলোকে ডাম্পাৰসমূহ জব্দ কৰাৰ পূৰ্বে প্ৰশাসন আৰু ৰঙিয়াস্থিত বন বিভাগক এই কথা অৱগত কৰিছিল৷ ডাম্পাৰসমূহ সংগঠন দুটাৰ কেইজনমান সদস্যই আবদ্ধ কৰাত ঘটনাস্থলীত উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়৷ কিয়নো দলৈগাৱঁত আবদ্ধ কৰা ডাম্পাৰ কেইখন আছুৱে আবদ্ধ কৰা বুলি খবৰ বিয়পি পৰে৷ কেৱল ইমানে নহয় দলৈগাৱঁত আছুৰ নামত ডাম্পাৰৰ পৰা ধন দাবী কৰা বুলি খবৰ প্ৰচাৰ হয়৷ এই কথা ৰঙিয়া আছুৱে অৱগত হৈ ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয় আছুৰ এটা দল৷ কামৰূপ জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি গোলোক ৰাজবংশী, বৈদ্যগড় আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশ্বজিৎ কলিতা আৰু সাধাৰণ সম্পাদক ভূপেন কলিতাৰ নেতৃত্বত আছুৰ এটা দল উপস্থিত হৈ ডাম্পাৰ আবদ্ধ কৰা কাৰ্যক হস্তক্ষেপ কৰে৷ তাৰ লগে লগে ঘটনাস্থলীত ডাম্পাৰসমূহৰ মালিকসকলো হাজিৰ হয়৷ 

আছুৰ দলটোৱে দলৈগাঁৱত ডাম্পাৰ ৰখাই ধন দাবী কৰা নচলিব বুলি স্থিতি গ্ৰহণ কৰি ডাম্পাৰসমূহ মুকলি কৰি দি চালকক লৈ যাবলৈ দিয়ে৷ আছু নেতৃত্ব আৰু সংগঠন দুটাৰ সদস্যকেইজনৰ মাজত বাক বিতণ্ডাও লাগে৷ আছু নেতা গোলোক ৰাজবংশীয়ে যি দুটা সংগঠনে দলৈগাৱঁত ডাম্পাৰসমূহ জব্দ কৰিছিল তেওঁলোকে প্ৰায়েই আছুৰ নামত বিভিন্ন স্থানত শিল-বালি কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰে বুলি অভিযোগ উত্থাপন কৰে৷ ডাম্পাৰসমূহ জব্দ কৰাৰ সময়ত সংগঠন দুটাৰ বেনাৰ, পোষ্টাৰ নাছিল বুলি অভিযোগ কৰে ৰাজবংশীয়ে৷ কিছুদিন পূৰ্বে ভূটান সীমান্তৱৰ্তী কুমাৰীকাটাতোঁ দুই সংগঠনৰ সদস্যই আছুৰ নাম লৈ ডাম্পাৰসমূহৰ পৰা ব্যাপক ধন সংগ্ৰহ কৰিছিল বুলি অভিযোগ উত্থাপন কৰে নেতাগৰাকীয়ে৷ 

ইপিনে একাংশ ডাম্পাৰৰ মালিকে ৰঙিয়াত সংগঠন দুটাৰ একাংশ সদস্যই কিছুদিন পূৰ্বে তেওঁলোকৰ পৰা চান্দা বিচাৰিছিল বুলি অভিযোগ উত্থাপন কৰে৷ তেওঁলোকে তেওঁলোকৰ ইউনিয়নৰ পৰা বৰঙনি ল’বলৈ কোৱাত সংগঠন দুটাৰ সদস্যকেইজনে তেওঁলোকৰ বিৰুদ্ধে ক্ষোভিত হৈ প্ৰতিশোধ লোৱাৰ বাবে এই কাৰ্যসূচী হাতত লোৱা বুলি কয়৷ সংগঠন দুটাই অভিযোগ কৰা মতে ৰঙিয়াত বন বিভাগ, ছাত্ৰ নেতাৰূপী দালাল আৰু আৰক্ষীৰ লগত বুজাবুজি কৰি ডাম্পাৰৰ মালিকসকলে চালান বিহীনভাৱে অতিৰিক্ত শিল-বালি সৰবৰাহ কৰি আহিছে৷ ৰঙিয়াত দুই সংগঠনৰ সদস্যই শিল বালি কঢ়িওৱা ডাম্পাৰ জব্দ কৰা আৰু আন একাংশ নেতাই এৰি দিয়া ঘটনাৰ আৰৰ ৰহস্য কি সেই কথা ৰাইজে ভালকৈয়ে অৱগত৷ কিন্তু এই ক্ষেত্ৰত দায়িত্ব আছিল আৰক্ষীৰ৷ আৰক্ষীয়ে সংগঠন দুটাই ডাম্পাৰ আবদ্ধ কৰাৰ খবৰ লাভ কৰাৰ পিছতে উক্ত স্থানত উপস্থিত হৈ ছাত্ৰ সংগঠন দুটাৰ অভিযোগ সন্দৰ্ভত তদন্ত কৰাৰ প্ৰয়োজন আছিল বুলিও কব খোজে একাংশ লোকে৷ আনহাতে বন বিভাগৰোঁ তেনেদৰে অভিযোগৰ তদন্ত কৰাৰ প্ৰয়োজন আছিল৷