NEWSNEXTONE.COM | ৰঙিয়াঃ ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত খ’ন্দিকৰ, ধেপাৰগাঁও, ধুলাবড়ী, কাউৰবাহা, মাদৈকাটাকে ধৰি ভালেসংখ্যক ধৰ্মীয় সংখ্যালঘু অধ্যুষিত গাঁৱত এনআৰচিৰ সম্পূৰ্ণ খচৰাত নাম সন্নিৱিষ্ট নোহোৱা অসংখ্য লোকলৈ শেহতীয়াকৈ এনআৰচি কৰ্তৃপক্ষৰ তৰফৰ পৰা বিদেশী বুলি জাননী প্ৰেৰণ কৰাক লৈ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ 

পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে একাংশ লোকে অনাগত অন্ধকাৰ ভৱিষ্যতৰ আংশকাত খাৱন শোৱন বাদ দিছে ৷ এই সম্পৰ্কত শনিবাৰে খ’ন্দিকৰ অঞ্চলত এবিএমছুৰ নেতৃত্বত ৰাইজে ওলাই আহি বিষয়টোৰ ক্ষেত্ৰত তীব্ৰ বিষোদগাৰ প্ৰকাশ কৰে ৷ ৰাইজে জানিবলৈ দিয়া অনুসৰি, তেওঁলোকৰ অঞ্চলত এনআৰচি কৰ্তৃপক্ষই একে লিগেচি ডাটাৰ বিপৰীতে পৰিয়াল একেটাৰ এজন ভাতৃৰ নাম এনআৰচিত অন্তৰ্ভূক্ত কৰিছে ৷ 

অথচ আনজন ভাতৃক বিদেশী বুলি চিহ্নিত কৰিছে ৷ একেজন পিতৃৰ লিগেচি ডাটা ব্যৱহাৰ কৰাৰ পিছতো এজন ভাতৃক ভাৰতীয় আৰু আনজন ভাতৃক বিদেশী বুলি চিহ্নিত কৰা কাৰ্যৰ আঁৰত আচলতে ঘোৰ ষড়যন্ত্ৰ লুকাই আছে বুলি ৰাইজে অভিযোগ কৰে ৷ 

এইক্ষেত্ৰত ৰাইজে প্ৰশ্ন কৰিছে যে একেজন পিতৃৰ লিগেচি ডাটা ব্যৱহাৰকাৰী এজন পুত্ৰ স্বদেশী আৰু আনজন পুত্ৰ বিদেশী কেনেকৈ হ’ব পাৰে? এই সন্দৰ্ভত এবিএমছুৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নজৰুল ইছলামে প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে, এন আৰ চিৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ মাজত সোমাই থকা একাংশ ন্যস্ত স্বাৰ্থৰ আৰু সাম্প্ৰদায়িক মনোভাবাপন্ন ব্যক্তিৰ ষড়যন্ত্ৰক্ৰমে এনআৰচিৰ পৰা প্ৰকৃত ভাৰতীয়ৰ নাম বাদ পৰিছে ৷ 

এই চক্ৰটোৰ পৰিকল্পিত ষডযন্ত্ৰৰ ফলতে এতিয়া ৰাজ্যখনৰ বহু ঠাইত ধৰ্মীয় সংখ্যালঘু সম্প্ৰদায়ৰ লোকক বিদেশী বুলি জাননি প্ৰেৰণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে ৷ এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষই বিষয়টো গুৰুত্ব সহকাৰে নল’লে পৰিৱেশ অশান্ত হৈ পৰাৰ আশংকা আছে। এনআৰচিৰ পূৰ্ণাংগ খচৰা প্ৰকাশৰ পিছত যিসকল ব্যক্তিৰ নাম বাদ পৰিছিল সেইসকলে এনআৰচি সহায়ক কেন্দ্ৰত গৈ বিচাৰ খোচাৰ কৰাত ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হ’বলগীয়াত পৰিছে বুলি মন্তব্য কৰি ইছলামে কয় যে, এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলৰ কাৰোবাক ডি ভোটাৰ, কোনোবা আকৌ বিদেশী ঘোষিত ব্যক্তি, কাৰোবাক বিদেশী ন্যায়াধীকৰণত বিচাৰধীন ব্যক্তিৰূপে চিহ্নিত কৰি একোখন অপমানজনক জাননী চমজাই দিয়া হৈছে অনৈতিকভাৱে ৷ 

যাৰ ফলত চৌদিশে সৃষ্টি হৈছে আতংকজনিত পৰিবেশ ৷ এই সন্দৰ্ভত এবিএমছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে প্ৰশ্ন উত্থাপন কৰি কৈছে যে যদিহে এইসকল ব্যক্তি বিদেশী, ডি ভোটাৰ অথবা বিদেশী ন্যায়াধীকৰণত বিচাৰাধীন হৈ থকা লোক আছিলেই তেন্তে ইমান দিনে তেওঁলোকক সেই কথা অৱগত কৰা হোৱা নাছিল কিয়? সাধাৰণ সম্পাদকগৰাকীয়ে কয়, আচলতে এনআৰচিৰ সম্পূৰ্ণ খচৰা প্ৰকাশ পোৱাৰ পিছত যি ৪০ লাখ লোকৰ নাম পৰিল বুলি বিভাগীয়ভাৱে কোৱা হৈছে সেই বৃহৎ অংকটো মিলাবলৈ গৈয়ে এতিয়া এনআৰচি কৰ্তৃপক্ষই অশুভ চক্ৰৰ হেঁচাত পৰি ৰাজ্যখনৰ বিভিন্ন ঠাইত একাংশ প্ৰকৃত ভাৰতীয় নাগৰিকক বিদেশী সজাবলৈ উঠি পৰি লাগিছে ৷ 

সংগঠনটোৱে এইক্ষেত্ৰত আজি দাবী উত্থাপন কৰি কয় যে ধৰ্মীয় সংখ্যালঘু লোকক বিদেশী সজোৱাৰ প্ৰক্ৰিয়া অচিৰেই বন্ধ নহ’লে ৰাজ্যব্যাপী ব্যাপক গণ আন্দোলন আৰম্ভ কৰা হ’ব ৷ যিসকল লোকক অনাহকতে ডি ভোটাৰ, বিদেশী ঘোষিত ব্যক্তি অথবা বিদেশী ন্যায়াধীকৰণত বিদেশী বুলি বিচাৰাধীন লোক বুলি জাননী প্ৰেৰণ কৰা হৈছে সেইসমূহৰ শীঘ্ৰে সত্যাসত্য নিৰূপণ কৰিব লাগে আৰু  প্ৰকৃত বৈধ ভাৰতীয় নাগৰিকৰ নামএনআৰচিত অন্তৰ্ভুক্ত কৰিব লাগে৷