ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উত্তাল প্ৰতিবাদ৷ ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়া চহৰত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি সংগঠনটোৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

পথ অৱৰোধৰ ফলত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত বহু যান-বাহন আৱদ্ধ হৈ পৰে। প্ৰায় আধাঘন্টা সময় শতাধিক প্ৰতিবাদকাৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ ধ্বনিৰে প্ৰতিবাদস্থলী কপাঁই তোলে। গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা সমিতিয়ে ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৰ কেন্দ্ৰীয় সমিতৰ উপ-সভাপতি আজিজুৰ ৰহমান আৰু সম্পাদক মতিউৰ ৰহমান উপস্থিত থাকে।