newsnextone.com | ৰঙিয়াঃ  ৰঙিয়া চহৰৰ মাজেৰে যোৱা ফ'ৰলেণ্ড যুক্ত ৩১ নং ৰাষ্টীয় ঘাইপথৰ দুয়োকাষে বৃদ্ধি পোৱা ঘন জংঘলৰ বাবে সংঘটিত হৈ আহিছে পথ দুৰ্ঘটনা। ঘাইপথৰ কাষৰ জংঘলৰ বাবে পথ দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লৈছিল ৰঙিয়া বালাগাঁৱৰ এজন বয়োজ্যোষ্ঠ ব্যক্তিয়ে। ব্যক্তিজনৰ মৃত্যুৰ পিচতে সমগ্ৰ বালাগাঁও অঞ্চলৰ ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে।

যাৰ ফলত সকলো ৰাইজ একগোট হৈ  ঘাইপথৰ দুয়োকাষে থকা জংঘলবোৰ কাটিবলৈ লয়। একাংশ প্ৰতিবাদী ৰাইজে সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, গুৱাহাটী আমিনগাঁৱৰ পৰা নামনি অসমৰ বৰপেটালৈকে ফ'ৰলেণ্ড যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষৰ লগতে মাজত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মান সংস্থাৰ চূড়ান্ত হেমাহিৰ বাবে বৃহৎ হাৰত জংঘল গজি উঠি অৰণ্য সদৃশ পৰিবেশৰ সৃষ্টি কৰিছে।

ৰাইজৰ অভিযোগ অনুসৰি এনেদৰে জংঘলবোৰ গজি উঠাৰ বাবেই প্ৰায়ে পথ দুৰ্ঘটনাসমূহ সংঘটিত হৈ আহিছে। বিশেষকৈ ৰঙিয়া অঞ্চলত এই কাৰণত দুৰ্ঘটনাত পতিত হৈ অধিক সংখ্যক যাত্ৰীয়ে মৃত্য়ুক আঁকোৱালি লবলগীয়া হৈছে। এনেদৰে ধাৰাবাহিকভাৱে দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতো প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলত ঈদৰ দিনা আৰু এজন ব্যক্তিয়ে ৰঙিয়াত পথ দুৰ্ঘটনাত মৃত্যু হব লগা হয় বুলি ৰাইজে উল্লেখ কৰে।