newsnextone.com| ৰঙিয়াঃ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে সমগ্ৰ দেশৰ লগতে ৰঙিয়া ৰেল সংমণ্ডলতো স্বচ্ছতাই সেৱা পষেকৰ শুভাৰম্ভ কৰা হয়। এই পষেকৰ শুভাৰম্ভ কৰে ৰঙিয়া ৰে’লৱে সংমণ্ডলৰ মাণ্ডলিক প্ৰৱন্ধক ৰবিলেশ কুমাৰে। এই উপলক্ষে আজি ৰঙিয়া ৰে’লৱে ষ্টেচন স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ সমিতিৰ সহযোগত  সংমণ্ডল ভিত্তিত এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে। 'স্বচ্ছতাই সেৱা' শীৰ্ষক এই প্ৰতিযোগিতাত সংমণ্ডলৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতা উদ্বোধন কৰে মাণ্ডলিক ব্যক্তিগত বিষয়া এল, টুছিং অনুষ্ঠানত মাণ্ডলিক সহকাৰী ব্যক্তিগত বিষয়া ৰুমি নমঃশূদ্ৰ, চিত্ৰাংকন প্ৰশিক্ষক ৰূপাজ্যোতি দাস, স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ সমিতিৰ কাৰ্যকৰী সভাপতি ফাৰুক আলী আহমেদ, সাধাৰণ সম্পাদক নাৰায়ন দত্ত, কোষাধ্যক্ষ ইজাজুল হক, সহকাৰী সাধাৰণ সম্পাদক আছিফুৰ ৰহমান আৰু প্ৰচাৰ সম্পাদকৰ উপৰিও ৰে’লৰ অন্যান্য বিভাগীয় বিষয়া সকল উপস্থিত আছিল৷

অানহাতে প্ৰতিযোগিতাত প্ৰথম দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে ক্ৰমে তনুজ সমাদ্দাৰ, ভাবনা মহন্ত আৰু ধনমনি হালৈয়ে। প্ৰতিযোগিতাৰ পিছত শ্ৰেষ্ঠ শিল্পী সকলক বঁটা প্ৰদান কৰা হয়। প্ৰতিযোগিতাত তিনিগৰাকী শিশু শিল্পীক নিচুকনি বটাঁ ও প্ৰদান কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি আজি ৰঙিয়া ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সভাকক্ষত ৰে’ল স্বচ্ছতা সন্দৰ্ভত এক কৰ্মশালা অনুষ্ঠিত হয়। কৰ্মশালাত ৰঙিয়াৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন জনকল্যাণ সমিতি, প্ৰভাতী কিৰণ, ৰনদিয়া ইয়ুথ চেন্টাৰ, ত্ৰিবেণী আত্ম সহায়ক গোটৰ উপৰিও ৰেলৱে এমপ্লয়েজ আৰু মজদুৰ ইউনিয়ন, বঙাইগাৱৰ স্কাউট এণ্ড গাইডছ্, ৰে’লৱে টিকট পৰিক্ষক সহ অন্যান্য ৰেলৱে কৰ্মচাৰী সকলে অংশগ্ৰহণ কৰে। কৰ্মশালাত ৰে’লৱে মাণ্ডলিক প্ৰৱন্ধক ৰবিলেশ কুমাৰ, জ্যেষ্ঠ মাণ্ডলিক বাণিজ্যিক প্ৰবন্ধক সঞ্জীৱ ঘোষ সহ অন্যান্য ৰে’লৱে বিষয়া সকল 'স্বচ্ছতাই সেৱা' তথা ৰে’লৰ স্বচ্ছতা সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। এই উপলক্ষে প্ৰভাত ফেৰী, ৰে’লৰ কৰ্মী সকলৰ শপত গ্ৰহন লয় অনুষ্ঠানত৷