আজাৰাঃ গুৱাহাটী মহানগৰীৰ পাৰ্শ্বৱৰ্তী পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বৃহত্তৰ ৰাণী কাঁ‌হাৰপাৰাত কাতি উদাপনৰ ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ স্থানীয় বিষ্ণু-জ্যোতি সংঘই যো ২৪ বছৰ ধৰি বৰ্ণাঢ্য কাৰ্যসুচীৰে পালন কৰি অহা কাতি বিহুৰ উৎসৱে এইবেলি ২৫ বছৰত ভৰি দিলে৷

এইবেলি অঞ্চলটোৰ লোকৰ সহযোগত বিষ্ণু-জ্যোতি সংঘই কাতি বিহু উৎসৱৰ ৰূপালী জয়ন্তী বৰ্ষ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে। শুকুৰবাৰে ৰূপালী জয়ন্তীৰ লাই খুটা স্থাপন কৰে উদযাপন সমিতিৰ সভাপতি দ্বীজেন দাসে।

ইয়াৰ লগত সংগতি ৰাখি চাফাই অভিযানো চলাই ৰাইজে। কাৰ্যসূচীত বহুকেইগৰাকী বিশিষ্ট ব্যক্তিৰ লগতে অঞ্চলটোৰ ৰাইজ উপস্থিত থাকে। অহা ১৭ আৰু ১৮ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া বিহুত সাংস্কৃতিক শোভাযাত্ৰা, খেল ধেমালী প্ৰতিযোগীতা, আলোচনা চক্ৰ, সাংস্কৃতিক সন্ধিয়া আদি অনুষ্ঠিত কৰা হ’ব বুলি উদযাপন সমিতিৰ সম্পাদক নৱ কুমাৰে জানিবলৈ দিয়ে।