গুৱাহাটীঃ সমগ্ৰ দেশৰ জনতাক কাঠুৱাৰ নাবালিকা গণধৰ্ষণ কাণ্ডই প্ৰতিবাদমুখী কৰি ৰখাৰ সময়তে ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক নাৰকীয় কাণ্ড৷ এইবাৰ পুৰুষৰ কামনাৰ বলি হ’ব লগা হ’ল এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰী৷ 

ৰাজধানী চহৰ গুৱাহাটীৰ সমীপৰে ৰাণীত সংঘটিত হ’ল এই ঘটনা৷ ২০ এপ্ৰিলত প্ৰসন্ন ৰাভা নামৰ এজন লম্পটৰ কামনাৰ বলি হয় ৰাণীৰ এগৰাকী ১৪ বছৰীয়া ছাত্ৰী৷ ইফালে দুস্কাৰ্য সংঘটিত কৰি ছাত্ৰীগৰাকীক মৃত্যুৰ ভাবুকি প্ৰদানেৰে ঘটনাটো গাপ দিয়াৰ চেষ্টা চলায় লম্পট প্ৰসন্ন ৰাভাই৷ 

পিছত ঘটনা সম্পৰ্কে নাবালিকাগৰাকীৰ পৰিয়ালে গম পোৱাত সোমবাৰে ধৃত প্ৰসন্ন ৰাভা নামৰ ব্যক্তিজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷