newsnextone.com | ওৰাংঃ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ বিৰল প্ৰজাতিৰ মাছ।এই নিষিদ্ধ মাছ ধৰিৱলৈ যোৱা মাছমৰীয়া জিয়াবুৰ ৰহমানক আটক কৰে দৰং আৰক্ষীয়ে।জিয়াবুৰ পৰা উদ্ধাৰ কৰে এটা বিৰল প্ৰজাতিৰ ছানাবুৰকা মাছ, মাছটোৰ ওজন প্ৰায় ১ কিঃগ্ৰাম বুলি জানিবপৰা গৈছে।

চোৰাংকৈ ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানত প্ৰবেশ কৰি মাছ ধৰিছিল জিয়াবুৰ ৰহমানে।জানিব পৰা মতে, মাছটোৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰতি কেজিত প্ৰায় ১৫-২০ হাজাৰ টকা।
ইতিমধ্যে ধৃত জিয়াবুৰ ৰহমানক মংগলদৈ জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে।