ডিব্ৰুগড়ঃ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক টনকীয়াল কৰি ৰাখিবলৈ অহৰহ সাজু হৈ থকা অতন্দ্ৰ প্ৰহৰী উজনি অসমৰ জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মঙলবাৰে নিশা প্ৰায় ২ বজাত মৃত্যু হয়৷ অসমৰ কেইবাখনো আগশাৰীৰ দৈনিক বাতৰি কাকতত সাংবাদিকতা কৰাৰ লগতে আগশাৰীৰ সমাজকৰ্মীগৰাকীৰ মৃত্যুত ৰাজ্যত শোকৰ ছাঁ পৰে৷

ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক, তথা বিশিষ্ট চিন্তাশীল লেখক উমাকান্ত চাংমাইৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ লগতে জিলাখনৰ সচেতন নাগৰিক সকলে৷

মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, মটক যুৱ-ছাত্র সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সাধাৰণ সম্পাদক দেৱঋষি চেতিয়া, সাংবাদিক সুৰক্ষা মঞ্চৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰ, সদৌ অসম ছাত্র সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি লিখন বৰুৱা, লাহোৱাল প্ৰেছ ক্লাবৰ সভাপতি দ্বীপজয় শইকীয়া, সাধাৰণ সম্পাদক ধৰণী গগৈয়ে।

লগতে সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সভাপতি প্ৰাঞ্জল গগৈ, কাৰ্যকৰী সভাপতি ডেভিদ বৰুৱা, সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, আমছু ডিব্ৰুগড় জিলাৰ উপদেষ্টা চফি আলম খান, অসম যুৱ পৰিষদৰ চাবুৱা সমষ্টি সভাপতি নিপুল কোঁৱৰ, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদৰ ডিব্ৰুগড় জিলাৰ সভাপতি গিৰিণ চেতিয়া, উপ-সভাপতি প্ৰিয়ব্ৰত গোহাঁই, সাংগঠনিক সম্পাদক উদয়ন বৰুৱা, চাবুৱাৰ মিডিয়া ফ'ৰামৰ সাধাৰণ সম্পদক দিব্যজ্যোতি লাহন, বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক পূৰণ গগৈ, ৰহমৰীয়া গৰাখহনীয়া প্ৰতিৰোধ সংগ্ৰাম মঞ্চৰ সভাপতি দৰ্পণ দাস, ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ চাবুৱা অাঞ্চলিকৰ সভাপতি জগজিৎ গোহাঁই, সাধাৰণ সম্পাদক দিপাঙ্কৰ গগৈয়ে৷

জ্যেষ্ঠ সাংবাদিক উমাকান্ত চাংমাইৰ মৃত্যুত শোক প্ৰকাশ কৰি অসমৰ সংবাদ জগতখনৰ এক অপুৰণীয় ক্ষতি বুলি কয় সংগঠন কেইটাৰ নেতৃবৃন্দই ৷ অাটাইকেইটা সংগঠনে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

ফটো- ফেচবুকৰ পৰা সংগৃহীত