newsnextone.com | ডিজিটেল ডেস্কঃ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীক বিজেপি আৰু বিজেপিৰ সহযোগী দলে বাৰে বাৰে আক্ৰমণ কৰে যদিও এইবাৰ ইউপিএৰ সহযোগীয়ে আক্ৰমণ কৰা আৰম্ভ কৰিছে। পুনৰ এগৰাকী দলৰ নেতাই ৰাহুল গান্ধীক সমালোচনা কৰি দলৰ পৰা বহিষ্কাৰ হ'ব লগা হয়।

লালু প্ৰসাদৰ দল আৰজেডিৰ নেতা শংকৰ চৰণ ত্ৰিপাঠিয়ে ৰাহুল গান্ধীক আক্ৰমণ কৰাত দলৰ পৰা বহিষ্কাৰ কৰে ত্ৰিপাঠিক। অনাস্থা প্ৰস্থাৱৰ সময়ত ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আলিংগন কৰা কাৰ্যক সমালোচনা কৰিছিল শংকৰ চৰণ ত্ৰিপাঠিয়ে। আৰজেডিয়ে এই কাণ্ডৰ বাবে ত্ৰিপাঠিক বিৰুদ্ধে তদন্ত কৰি দলৰ পৰা বহিষ্কাৰ কৰে। ইয়াৰ পূৰ্বে মায়াবতীৰ দল জয় প্ৰকাশ সিঙে ৰাহুল গান্ধীৰ বিৰুদ্ধে মন্তব্য কৰি দলৰ পদবী হেৰুৱাব লগা হৈছিল।