newsnextone.com | বটদ্ৰৱাঃ নগাঁও জিলাৰ বটদ্ৰৱাত মঙলবাৰে সংঘটিত হোৱা এক পথ দুৰ্ঘটনাই সমগ্ৰ বটদ্ৰৱা অঞ্চলত শোকৰ ছাঁ পেলায়৷ 

জানিব পৰা মতে, এএছ ০২ বি চি ২২৭৯ নম্বৰৰ টেম্প’ আৰু এএছ ০৫ বি ৩৪১০ নম্বৰৰ এখন ৭০৯ যাত্রীবাহী বাছৰ মাজত মুখামুখি সংঘৰ্ষ হয়৷ ফলত টেম্প’খনত থকা আটাইকেইজন যাত্ৰী গুৰুতৰভাৱে আহত হয়৷ 

আহত যাত্ৰী কেইজনক ততাতৈয়াকৈ নগাঁৱৰ ভোগেশ্বৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত এটি ২বছৰীয়া শিশু চিকিৎসাধীন অৱস্থাতে মৃত্যুমুখত পৰে৷ মৃত শিশুটিৰ নাম মুছিদা হামিন বুলি জানিব পৰা গৈছে৷