আজাৰাঃ গুৱাহাটী মহানগৰীৰ সমীপৰ বঙৰাত পথ দুৰ্ঘটনা সংঘটিত হৈ দুজনকৈ লোকৰ মৃত্যু হয়৷ যাত্ৰীবাহী বাছ আৰু ৱাগেনাৰৰ মাজত মুখামুখী সংঘৰ্ষ লগাৰ ফলত দুজন লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক আহত হয়৷

জানিব পৰা মতে, গোৱাৰপাৰা দিশৰ পৰা গুৱাহাটী অভিমুখী আহি থকা এ-এচ-১৮-চি-৭৮৩৬ নম্বৰৰ যাত্ৰীবাহী আল্ট্ৰা বাছ আৰু গুৱাহাটীৰ পৰা গোৱালপাৰা অভিমুখে আহি থকা এছ-০১-এইচ-চি-২৬২১ নম্বৰৰ ৱাগেনাৰৰ বঙৰাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত মুখামুখী সংঘৰ্ষৰ লাগে৷

ফলত থিতাতে দুজন লোক থিতাতে নিহত হয়। গুৱাহাটী উলুবাৰীৰ ৱাগেনাৰ যাত্ৰী বিতুল বৰা আৰু ধিৰেন চন্দ্ৰ বড়ো নিহত হয় বুলি জানিব পৰা গৈছে। দুর্ঘটনাত গুৰুতৰ ভাবে আহত ৱেগনাৰ যাত্ৰী সংগীতা বড়ো (২৫) গুৰুতৰ ভাবে আহত হোৱাৰ লগতে বাছ খনৰ কেবাগৰাকী যাত্ৰী কম-বেছি পৰিমাণে আহত হয়৷ আহত লোকসকলক স্থানীয় ৰাইজে আৰক্ষীৰ সহযোগত মিৰ্জা প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰে।