জাগীৰোডঃ মৰিগাঁৱৰ জাগীৰোডত সোমবাৰে ৰাজ পথলৈ ওলাই আহিল শ-শ শ্ৰমিক-কৰ্মচাৰী৷ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ক্ষোভ ব্যক্ত কৰে৷ ১৩ মাহে দৰমহা নোপোৱা চৰকাৰী শ্ৰমিক-কৰ্মচাৰীয়ে চৰকাৰৰ বিৰুদ্ধে ৰাজ পথত এনেদৰে ক্ষোভ ব্যক্ত কৰে৷

দৰমহা আদায় দিয়াৰ দাবীত শ্ৰমিক-চৰকাৰী কৰ্মচাৰীয়ে উত্তাল কৰিলে ৰাজ পথ৷ নগাঁও কাগজ কলৰ ৫ সহস্ৰাধিক কৰ্মচাৰীয়ে প্ৰায় ১৩ মাহ ধৰি দৰমহা নোপোৱাত ক্ষোভিত হৈ সোমবাৰে ৰাজ পথ অৱৰোধ কৰে প্ৰতিবাদ সাব্যস্ত কৰি আমি ভোট দি জিকাইছো সিহতক, আমাৰ কথা শুনিবই লাগিব সিহতে বুলি কয় শ্ৰমিক-কৰ্মচাৰীয়ে৷

পথ অৱৰোধ কৰাৰ ফলত শ-শ যান-বাহন আবদ্ধ হৈ পৰে। ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে নগাঁও কাগজ কলটো পুনৰ কাৰ্যক্ষম কৰাৰ ক্ষেত্ৰত ল'ৰা ধেমালি কৰি আহিছে বুলিও ক্ষুব্ধ হৈ পৰিছে শ্ৰমিক-কৰ্মচাৰী। শীঘ্ৰে অনাদায় ১৩ মাহৰ দৰমহা আদায়ৰ দিয়াৰ দাবী কৰা লগতে কলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবী জনায় শ্ৰমিক-কৰ্মচাৰীয়ে।