newsnextone || ডিজিটেল ডেস্কঃ বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত দেওবাৰে নিশা এজন যুৱকক গুলিয়াই হত্যা কৰাৰ চেষ্টা চলায় ছফিকুল ইছলাম নামৰ এজন দুৰ্বৃত্তই। পিছত পুৱতি নিশা ৰাইজৰ সহযোগত ধৃত ছফিকুলক কৰায়ত্ব কৰিবলৈ সক্ষম হয়।  
 
ঘটনা অনুসৰি, নিশা প্ৰায় ৭.৩০ বজাত কীৰ্তনপাৰা বজাৰৰ ওচৰত ২ নং হালধীবাৰীত ছফিকুল ইছলাম নামৰ লোকজনে  বজাৰলৈ গৈ থকা হাজেৰ আলী নামৰ এজন যুৱকলৈ লক্ষ্য কৰি গুলিচালনা কৰি পলায়ন কৰে।আনহাতে এই  ঘটনাত ভয় খাই হাজেৰ আলীয়ে চিঞৰ-বাখৰ কৰাত স্থানীয় লোক গোট খায় আৰু গাওঁৰক্ষী বাহিনীৰ সহযোগত বিভিন্ন স্থানত  ধৃত ছফিকুলৰ সন্ধান আৰম্ভ কৰে। 

পুৱতি নিশা প্ৰায় ১ বজাত ছফিকুল আৰু  আছুৰ উদ্দিন নামৰ আন এটা দুৰ্বৃত্তৰ সৈতে চাইকেলেৰে আহি থাকোতে একেই স্থানতে ৰাইজে দুই দুৰ্বৃত্তক আগভেটি ধৰে।ফলত ছফিকুল ইছলামে পুনৰ গুলি চালনা কৰে যদিও কোনো লোকৰ ক্ষতি নহয়।লগে লগে আনজন দুৰ্বৃত্তই পলায়ন কৰে আৰু ছফিকুলেও পিষ্টলটো কাষৰ এটা পুখুৰীত পেলাই দিয়ে।কিন্তু আজি পুৱা বৰঘোলা আৰক্ষী চকীৰ আৰক্ষীয়ে ধৃত ছফিকুলক কৰায়ত্ত কৰি নিজৰ জিম্মাত লয়।