newsnextone.com | নগাঁওঃ ৰহাৰ টোলগেট বন্ধ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ হাজাৰ হাজাৰ প্ৰতিবাদকাৰী ৰাজপথলৈ ওলাই অহাৰ পিছতে স্থানীয়ে নগাঁও জিলাৰ ৰহাত ১৪৪ ধাৰা জাৰি কৰিছে প্ৰশাসনে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ পৰিপ্ৰেক্ষিততে কোনো অপ্ৰীতিকৰ পৰিস্থিতি নহবৰ বাবেই জিলা প্ৰশাসন এনে পদক্ষেপ লোৱা বুলি জানিব পৰা যায়।

টোলগেটস্থলীত আৰক্ষীয়ে সমৰসজ্জা গঢ়ি তোলা পৰিলক্ষিত হৈছে ৷ অৰ্ধ সামৰিক বাহিনীৰ সহযোগত প্ৰতিবাদকাৰীক ভেটিবৰ বাবে আৰক্ষীৰ যুদ্ধকালীন তৎপৰতা দেখা গৈছে ৷ এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী সাজু কৰি ৰাখিছে প্ৰশাসনে ৷ সাময়িকভাবে দেওবাৰে বন্ধ ৰখা হৈছে টোলগেটত কৰ সংগ্ৰহ কাৰ্য ৷ প্ৰতিবাদী কাৰ্যসূচীৰ বাবেই সালসলনি কৰা হৈছে যান-বাহনৰ চলাচল ৷ 

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে সংগঠন দুটাৰ হাজাৰ হাজাৰ কৰ্মী ৷ কাজিৰঙাৰ বাগৰি, কামপুৰ, উৰিয়াগাঁও, বৰঘাট আৰু মৰিগাঁৱৰ থেকেৰাগেটত বহু প্ৰতিবাদকাৰীক প্ৰতিবাদস্থলীলৈ অহা বাধা প্ৰদান জিলা প্ৰশাসনৰ ৷ ইতিমধ্যে কৃষক নেতা অখিল গগৈ ৰহাত উপস্থিত হৈছে ৷ ৰহালৈ অহা নগাঁৱৰ সকলো পথতে আৰক্ষী মোতায়েন কৰা হৈছে ৷

প্ৰতিবাদী কাৰ্য্যসূচীলৈ অহা যুৱ-ছাত্ৰ পৰিষদ আৰু কৃষক মুক্তিৰ নেতা-কৰ্মীক আৰক্ষীৰ বাধা প্ৰদান কৰাৰ অভিযোগ উত্থাপন হৈছে। বহু নেতা-কৰ্মীক নিৰ্যাতন আৰু গ্ৰেপ্তাৰ কৰা বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছেযুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক পলাশ চাংমায়ে। চৰকাৰক ফেচিবাদী আৰু গণতন্ত্ৰৰ হত্যাকাৰী আখ্যা দিয়ে চাংমাই।