newsnextone.com | নগাঁওঃ বৃহস্পতিবাৰৰ পৰা নগাঁও জিলাৰ ৰহাৰ টোলগে’টত কৰ লবলৈ আৰম্ভ কৰাৰ পিছৰে পৰা অৰ্ধসামৰিক বাহিনী আৰু অসম আৰক্ষীয়ে সমগ্ৰ টোলেগে’টত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে৷ প্ৰায় ডেৰ শতাধিক অৰ্ধসামৰিক বাহিনীৰ জোৱান মজুত থকাৰ লগতে প্ৰায় ২৫-৩৫গৰাকী অসম আৰক্ষীৰ জোৱান মোতায়ান কৰি ৰাখিছে৷ যেন চুবুৰীয়া দেশৰ সৈতে যুদ্ধ কৰিবলৈহে সাজু হৈছে অসম আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী৷ বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীয়ে সমগ্ৰ টোলেগে’ট এলেকা ঘেৰি ৰখা বুলি জানিব পৰা গৈছে৷ 

কেইবাটাও সংগঠনে টোলগে’ট নবহুৱাবলৈ চৰকাৰক দাবী জনাই অহাৰ সময়তে চৰকাৰে টোলগে’ট বহুৱাই এক প্ৰকাৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ বাবেই অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষী নিয়োগ কৰি কৰ সংগ্ৰহ কৰি থকা বুলি জানিব পৰা গৈছে৷ কোনো লোকে যাতে টোলেগে’টত গাড়ী পাৰ কৰাৰ বিনিময়ত টকা নিদিও বুলি কব নোৱাৰে আৰু কোনো সংগঠনৰ লোক যাতে অসুবিধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ সাজু হৈ আছে প্ৰশাসন৷

ইয়াৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰহা চাৰআলিত প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক সংগঠনটোৰ কেইবাশতাধিক নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে আৰক্ষীয়ে ঘেৰি লয় প্ৰকিবাদকাৰীসকলক৷ প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীক আতৰাই নিয়াৰ চেষ্টা কৰৰা লগতে কেইবাগৰাকী নেতাক আটক কৰি গাড়ীত ভৰাই ৰহা আৰক্ষী থানালৈ নিয়া বুলি জানিব পৰা গৈছে৷ মোডী আৰু সোণোৱাল চৰকাৰে টোলগে’ট বন্ধ নকৰিলে সমগ্ৰ অসমত প্ৰতিবাদ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে।

পুৱাৰে পৰা নিৰাপত্তাৰক্ষীৰ কটকটীয়া ব্যৱস্থাৰ মাজতহে প্ৰতিখন গাড়ীৰ পৰা কৰ সংগ্ৰহ কৰিছে চৰকাৰে৷ বৃহস্পতিবাৰৰ পৰা মধ্য অসমৰ নগাঁও জিলাৰ ৰহাৰ টোলগে’ট আৰম্ভ হছে ৰাজপথত কৰ লৈ ৰাজকোষ টনকীয়াল কৰাৰ অভিযান৷ ৰাজ্যৰ প্ৰায় কেইটা ঘাইপথত গাড়ী-মটৰ চলাব পৰা অৱস্থা নাই যদিও ৰাইজৰ পৰা কৰ লোৱাৰ অভিযান আৰম্ভ কৰিলে চৰকাৰ তথা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে৷

দৰিদ্ৰৰ তেজ শুহি খোৱা এই টোলগে’ট ব্যৱস্থা অসমৰ বাবে কিমান যুক্তিসন্মত সেয়া বিবেচনা কৰাৰ আহৰি নোহোৱাৰ সময়তে দেশ তথা ৰাজ্যৰ চৰকাৰে টোলগেট বহুওৱাৰ অনুমতি প্ৰদান কৰে৷ বছৰৰ ৬ মাহ বান পানীত ককবকাই থকা, গৰাখহনীয়াত ক্ষতিগ্ৰস্ত লোকে আজিও সাধাৰণ টম্বুৰ তলত থাকিব লগা অৱস্থা হোৱাত সাধাৰণ লোকে কেনেদৰে ৰাজপথত কৰ দিব সেয়াই এক চিন্তাৰ বিষয়৷ 

আনহাতে ৰাজপথত আহোতে যাওতে প্ৰতিখন গাড়ীয়ে কৰ দিব লাগিলে বিভিন্ন ধৰণে হেঁচা পৰে ব্যৱসায় বাণিজ্যত৷ ব্যৱসায়ীয়ে সেই টকা সৰ্বসাধাৰণৰ পৰা উলিয়াই ল’ব লগা হোৱাৰ ফলত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰিব লগা হয়৷ 

যিয়ে নহওক দেশৰ চৰকাৰে ৰাজপথ নিৰ্মাণৰ নামত খৰছ কৰা কোটি কোটি টকা ৰাইজৰ পৰা কৰ হিচাপে আদায় কৰিবৰ বাবে টোলগে’ট বহুৱাই৷ যদিও অসমৰ প্ৰায় কেইটা ৰাষ্ট্ৰীয় ঘাইপথেই জৰাজীৰ্ণ তাৰ পিছতোঁ বৃহস্পতিবাৰে পুনৰ প্ৰথমটো ৰাজপথত কৰ লোৱা ব্যৱস্থা আৰম্ভ কৰিলে চৰকাৰে৷

নগাঁও জিলাৰ ৰহাত মুম্বাইৰ ইণ্ডাৰদ্বীপ কষ্ট্ৰট্ৰাকছনে বৃহস্পতিবাৰৰ পুৱাৰে পৰা পুনৰ টোলগে’ট আৰম্ভ কৰে। জানিব পাৰ মতে, এবাৰ পাৰ হলে প্ৰতিখন চাৰিচকীয়া বাহনে ১৫০ টকা আদায় দিব লাগিব৷ প্ৰতিখন বাণিজ্যিক ট্ৰাক-বাছে প্ৰতিবাৰে আদায় দিব লাগিব ৫০০ টকাকৈ। ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণ নোহোৱাকৈ টোলগে’ট মুকলি কৰা হয় আৰু ৰহাৰ টোলগে’ট মুকলি নকৰিবলৈ বিভিন্ন দল-সংগঠনে দাবী জনাই অহাৰ পিছতোঁ ৰাইজৰ দাবীক অমান্য কৰি টোলগে’ট আৰম্ভ কৰে চৰকাৰে৷