newsnextone.com | ডিজিটেল ডেস্কঃ আৰু মাত্ৰ কিছু ঘণ্টাৰ অপেক্ষা৷ তাৰ পিছতে অন্ত পৰিব আপোনাৰ প্ৰতীক্ষাৰ৷ বিগত কেইবাটাও সপ্তাহৰ পৰা কাকো দেখুৱাব নোৱাৰাকৈ আপুনি যি উত্তেজনাত ভূগি আছে সেই উত্তেজনাৰ প্ৰথমটো শিহৰণ লাভ কৰিবলৈ অপেক্ষা কৰক মাত্ৰ কেইটামান ঘণ্টা৷ বিশ্বকাপ ফুটবল, ৪ বছৰৰ মূৰত পুনৰ এবাৰ ভৰিৰ যাদুৰে মোহাচন্ন কৰিবলৈ আপোনাৰ সনমুখত উপস্থিত হ’ব মেছী, ৰোনাল্ডো কিম্বা ইনিয়েস্তাৰা৷

এইবাৰৰ বিশ্বকাপ অনুষ্ঠিত হৈছে ৰাছিয়াত৷ ৰাছিয়াত সৃষ্টি হৈছে মেলা সদৃশ পৰিৱেশৰ৷ ৩২ খন দেশে অংশ ল’বলগীয়া শিহৰণকাৰী বিশ্বযুদ্ধ খনৰ বাবে পূৰ্ণ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে৷ শিশুৰ পৰা বৃদ্ধলৈ সকলো প্ৰতীক্ষাৰত মাথো বিশ্বকাপ ফুটবলত ভৰিৰ যাদু চাবলৈ৷

আনফালে, অসমতো বিয়পিছে শিহৰণৰ জ্বৰ৷ অসমৰ জাতীয় সত্বা, অন্ধবিশ্বাস আৰু ডকমকা কাণ্ডত প্ৰাণ হেৰুওৱা দুই যুৱকৰ বাবে বুকুত উথলি উঠা শোক পাহৰি এখন্তেকৰ বাবে সকলোৱে প্ৰস্তুতি চলাইছে ফুটবলৰ দুনীয়াত খোজ পেলাবলৈ৷ প্ৰিয় খেলুৱৈ অথৱা প্ৰিয় দলটোৰ বিজয়ৰ অপেক্ষাত এতিয়া অসমৰ অধিকাংশ মানুহেই স্বপ্নবিভোৰ৷ 

সময়ে ভ্ৰুকুটি কোচাই অসমবাসীক খুব কম দিনৰ ভিতৰতে এটাৰ পিছত এটাকৈ কেইবাটাও হৃদয় জ্বলোৱা বাৰ্তা শুনাইছে৷ নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীতকৰণক লৈ তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে কাৰ্বি আংলঙলৈ ফুৰিবলৈ যোৱা দুই প্ৰতিভাক সোপাধৰা সাঁজি নিৰ্মম ভাবে হত্যা কৰা ঘটনাই অসমীয়াৰ বুকুত ক্ষোভ আৰু শোকৰ জুই সমানেই জ্বলাইছে৷ অসমবাসীয়ে সেই ক্ষোভ আৰু শোকৰ জুইকুৰাৰ যন্ত্ৰণা কেতিয়াও পাহৰিব নোৱাৰে৷ 

কাৰ্বি আংলঙৰ ডকমকাত এচাম নৰপিশাচে মৰিয়াই মৰিয়াই হত্যা কৰিছিল নিলোৎপল আৰু অভিজিৎ নামৰ যুৱক দুজনক৷ এই ঘটনাৰ পিছত কেৱল অসমতেই নহয়, সাত সাগৰ তেৰ নদীৰ সিপাৰৰ ৰাছিয়াতো কপি উঠিছিল কেইবাখনো হিয়া৷ নিলোৎপলৰ বান্ধৱী এলীন আছিল সেইখন ৰাছিয়াৰে, য’ত এতিয়া ২০১৮ৰ ফিফা বিশ্বকাপৰ উছাহৰ ধল বৈছে৷

নিলোৎপলৰ হত্যাৰ বাতৰিয়ে মৰ্মাহত কৰিছিল ৰাছিয়াৰ এগৰাকী যুৱতী আৰু কেইজনমান যুৱকক৷ ফুটবলৰ উছাহেও যেন তেওলোকক উল্লাসিত কৰা নাই৷ অসমীয়াৰ দৰে ৰাছিয়াৰ কোনো এটা চুকতো দুটিমান মানৱ দৰদী মনে নিলোৎপল-অভিজিতৰ আত্মাৰ চিৰশান্তি কামনা কৰি চিঞৰিছে ‘উই ৱাণ্ট জাষ্টিছ ফ’ৰ নিলোৎপল-অভিজিৎ’৷

কিন্তু সেই যন্ত্ৰণাৰ দেৱাল খহাই কোনোবা ফালেদি যেন এপলকৰ বাবে জিলিকি উঠিছে বিশ্বকাপ ফুটবলৰ জিলমিল ৰেঙনি৷ যিয়ে এটা ক্ষণৰ বাবে হ’লেও সকলোৰে হিয়া জুৰাবলৈ সক্ষম হৈছে৷ মানৱতাহীন পৃথিৱীখনত ৩২ খন দেশৰ উছাহৰ কলৰৱত সৌন্দৰ্যতা উপলব্ধি কৰিব বিচাৰিছে সকলোৱে৷ 

ধৰি লওক, বিশ্বকাপৰ শিহৰণকাৰী মেছ এখন আপুনি উপভোগ কৰি থাকোতেই আপোনাৰ ঘৰৰ টিভিটো বেয়া হৈ গ’ল৷ নতুবা ধৰক সেই সময়তে আপোনাৰ অঞ্চলত লোড শ্বেডিং হ’ল অথৱা মুষলধাৰ বৰষুণৰ বাবে আপোনাৰ টিভিৰ কানেকশ্যন ব্যহত হৈ পৰিল৷ তেতিয়া কি কৰিব? খেল খন শেষ কৰিব নোৱাৰাৰ অফচোচ বুকুত সামৰি নেদেখা কোনোৱা জনক দুটামান গুৱাল গালি পাৰি নিৰাশাৰ হুমুনিয়াহ কাঢ়িব নেকি?

নিশ্চয় নহয়, স্মাৰ্ট যুগত তেনে আংশকা কৰাটো নিশ্চয় ভুল৷ এটা স্মাৰ্ট ফোন আৰু এটা নেট পেক থাকিলেই আপুনি সুন্দৰকৈ খেল উপভোগ কৰিব পাৰিব৷ গ্ৰাহকসকলক প্ৰতিমূহুৰ্ততে খেলৰ খবৰ জনাই থাকিবলৈ সষ্টম হৈ আছে কেইবাটাও এপ৷

২০১৮ ফিফা বিশ্বকাপত ৰাছিয়াৰ এটি অফিচিয়েল এপ আছে৷ যাৰ দ্বাৰা খেল অনুৰাগী সকলে টিভি নথকা ঠাইতো খেলৰ বাতৰি লাভ কৰিব পাৰিব৷ তদুপৰি চোনী লাইভেও খেলৰ সকলো বা-বাতৰি গ্ৰাহকক জনাবলৈ সাজু৷ ইয়াৰ বাহিৰেও জিঅ’ টিভি, ইএছপিএন তথা ফুটবল বাতৰি এপৰ দ্বাৰাও গ্ৰাহকে খেল উপভোগ কৰিব পাৰে৷ 

তেন্তে আহক, আৰু মাত্ৰ কেইটামান ঘন্টাৰ পিছতে আপুনি, আমি সকলো ফুটবলৰ জগতত খোজ থবলৈ সাজু হওঁ৷