newsnextone.com| নগাঁওঃ ৰাজ্যখনত শিখ সম্প্ৰদায়ৰ উঠি অহা প্ৰজন্মৰ মাজত ভক্তিসংগীতক জনপ্ৰিয় কৰাৰ লগতে স্ব-ধৰ্মৰ নীতি-নিয়ম আচাৰ-ৰীতিৰ প্ৰতি অাগ্ৰহ্বান্বিত কৰাৰ মানসেৰে সদৌ অসম শিখ যুৱ সংস্থাৰ উদ্যোগত অনুষ্ঠিত ৰাজ্যিক ভিত্তিত শ্ৰৱণ কীৰ্তণ ভক্তি সংগীত প্ৰতিযোগীতাত নগাঁৱৰ সংগীত শিল্পী কুকীলকন্ঠী গায়িকা চালু কৌৰে শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়৷ 

সদৌ অসম শিখ যুৱ সংস্থাৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত অসমৰ ভিন্ন মহকুমা আৰু জিলা ভিত্তিত অনুষ্ঠিত কৰা এই বৃহৎ ভক্তিসংগীত প্ৰতিযোগীতাত সহস্ৰাধিক প্ৰতিযোগীয়ে ভাগ লোৱা দেখা যায়৷ প্ৰথম ৰাউণ্ডত প্ৰত্যেক মহকুমা-জিলাৰ পৰা বাচনি কৰা হয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ পেনেল৷ শেষ পৰ্যায়ত ৰাজ্যিক ভিত্তিত বাচনিকৃত প্ৰতিযোগীসকলৰ মাজত হয় চূড়ান্ত প্ৰতিযোগীতা৷ চূড়ান্ত প্ৰতিযোগীতাত নগাঁও জ'নৰ পৰা অংশগ্ৰহন কৰা শিল্পী চালু কৌৰে প্ৰথম পুৰস্কাৰ লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনে৷

ঐতিহাসিক শিৱসাগৰত অনুষ্ঠিত সংগীত সন্ধিয়াত সদৌ অসম শিখ যুৱ সংস্থাৰ বিষয়ববীয়াসকলে এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শিল্পী চালু কৌৰক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰথম পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰে৷ এই সংগীত সন্ধিয়াত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইৰ শিখ যুৱ শিল্পীৰ দলে ভাঙৰা, গিৰ্ধা, শ্ৰৱণ কীৰ্তণ ভক্তিগীত আদি পৰিবেশন কৰে৷ নগাঁৱৰ সংগীত শিল্পী চালু কৌৰৰ এই সফলতাত জিলাবাসী বিশেষভাৱে শিখ সম্প্ৰদায়ৰ লোকসকলে গৌৱৰবোধ কৰি শিল্পীগৰাকীৰ ভৱিষ্যত উজ্বল কামনা কৰি শুভেচ্ছা আৰু শুভাকামনা জ্ঞাপন কৰে৷