ডিজিটেল ডেস্কঃ ক্ৰিকেটৰ ভগৱানে যেতিয়া অনুৰাগীৰ পত্ৰৰ উত্তৰ দিয়ে, তেন্তে কেনে অনুভৱ হ’ব পাৰে সেয়া কেৱল উত্তৰ পোৱা অনুৰাগীজনেহে অনুভৱ কৰিব পাৰে। এনে অনুভৱেই পিছে অনুৰাগীজনৰ লগতে শ্ৰদ্ধাত মুৰ দোঁ খুৱাইছে হাজাৰজনৰ।

ইনষ্টাগ্ৰাম নামৰ ছচিয়েল মিডিয়াত শচীনে এজন অনুৰাগীৰ পত্ৰৰ প্ৰতি দিয়া সঁহাৰি হৈ পৰিছে ভাইৰেল। মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত কৰণ গান্ধী নামৰ অনুৰাগী এজনে শচীনলৈ হাতেলিখা চিঠি এখনত শচীনৰ স্বাক্ষৰ থকা উত্তৰ বিচাৰি ইনষ্টাগ্ৰামত পত্ৰ আপলোড কৰিছিল।

ক্ৰিকেটৰ ভগৱানে সেয়ে নিজহাতে লিখি এখন পত্ৰ কৰণলৈ বুলি লিখি ইনষ্টাগ্ৰামত আপলোড কৰে। শচীনৰ এনে সঁহাৰি দেখি গুণমুগ্ধসকল আনন্দত আত্মহাৰা হৈ পৰে। লগে লগে শচীনৰ পত্ৰখন ভাইৰেল হৈ পৰে ছচিয়েল মিডিয়াত।

''আপোনাক ক্ৰিকেট খেল খেলা দেখিয়ে ডাঙৰ হৈছো।  আপোনাৰ খেল চাবৰ বাবে কিমান টিউশ্যন ক্লাচ খতি কৰিছো, তাৰ হিচাপ নাই’’- এনেদৰে পত্ৰখনত শচীনৰ প্ৰতি থকা আদৰ আৰু অনুৰাগ ব্যক্ত কৰাৰ পিছতে শচীনে চিঠিখনৰ উত্তৰ দিয়ে। 

কৰণক দিয়া উত্তৰত শচীনে অলপ ৰগৰ কৰি কয়- 'কৰণৰ শৈশৱৰ টিউশ্যনবোৰ এদিনীয়া শৃংখলাৰ সমান সুখকৰ নাছিল চাগে’। 

উল্লেখ্য যে শচীনৰ জীৱন কাহিনীৰ ওপৰত আধাৰিত 'শচীন আ বিলিয়ন ড্ৰিমচ’ শীৰ্ষক ছবিখন ২৬ মেত ছবিগৃহত মুক্তি পাব।