newsnextone.com| লিডুঃ শাৰীৰিক অসুস্থতাত ভুগি থকা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ শক্তিশালী অগ্ৰনী নেতা তথা মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সভাপতি সলিল নেওগে যোৱা ২২ আগষ্টত হায়দৰাবাদৰ চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ শুকুৰবাৰে প্ৰয়াত সলিল নেওগৰ নশ্বৰ দেহ লিডুস্থিত বাস ভৱনত উপস্থিত হোৱাৰ পাছতেই নেতা গৰাকীৰ অজস্ৰ গুণমুগ্ধই চৌহদত ভিৰ কৰাৰ পৰিলক্ষিত হয় ৷

জাতীয়তাবাদী এজন  শক্তিশালী অগ্ৰনী নেতাৰ আকস্মিক মৃত্যুত অঞ্চলটোত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় ৷ শনিবাৰে অসম জাতিয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় ৰাইজৰ সহযোগত লিডুৰ বিৰলাগেটস্থিত এলেকাত প্ৰয়াত নেওগৰ আত্মাৰ সদ্গতিৰ কামনাৰে এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে৷  অনুষ্ঠানটিত প্ৰায় শতাধিক ৰাইজে একত্ৰিত হৈ নেওগৰ আত্মাৰ চিৰ শান্তি কামনাৰে মমবাটি জ্বলাই মৌন প্ৰাৰ্থনা কৰে ৷

অনুষ্ঠানটি আঁত ধৰে সংগঠনটোৰ অন্যতম নেতা প্ৰাঞ্জল গগৈয়ে ৷ ইফালে সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদক কাঞ্চন বৰাই সলিল নেওগৰ মৃত্যু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বাবে এক অপূৰণীয় ক্ষতি বুলি উল্লেখ কৰি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।