newsnextone.com। বিলাসীপাৰাঃ সমগ্ৰ ভাৰতবৰ্ষৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত দেওবাৰে পুৱা ১১বজাৰ পৰা দিনজোৰা কাৰ্যসূচীৰে কালিপাৰা হালং বজাৰত সংবিধান বাচাও দিৱস পালন কৰা হয়।

বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ছাফিজুৰ ৰহমানে (আলকাছ) সংবিধান বাচাও কাৰ্যসূচী ৰূপায়ণ সম্পৰ্কে পৰ্য্যালোচনা কৰে। উক্ত কাৰ্যসূচীত কোকৰাঝাৰ জিলা এন এছ ইউ আই-ৰ সভাপতি জয়নুদ্দিন শেখৰ লগতে বিলাসীপাৰা পশ্চিম সমষ্টিৰ যুৱ কংগ্ৰেছৰ বিভিন্ন পৰ্য্যায়ৰ কৰ্মী সকলৰ উপস্থিতিৰ লগতে তিনি শতাধিক ৰাইজ উপস্থিত থাকে।