লংকাঃ যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ ঘটনা কোনো নতুন কথা নহয়। আমাৰ সমাজত এনে ঘটনা প্ৰায়েই সংঘটিত হৈ থকাৰ বাতৰি আমি শুনিবলৈ পাওঁ। তেনে এক হৃদয় বিদাৰক ঘটনাই কঁপাই গৈছে সমগ্র ৰাজ্য।

মাত্ৰ ৫ মাহ পূৰ্বে কইনা সাজেৰে লংকাৰ স্ব-গৃহৰ পৰা লামডিঙৰ সৰবজৌৎ বেদীৰ লগত বিবাহ পাশত আবদ্ধ হৈ এক নতুন জীৱনৰ পাতনি মেলাৰ সপোন লৈ ওলাই গৈছিল সংগীতা কৌৰ নামৰ যুৱতী গৰাকী। আনন্দ মনেৰে ঢোলে ডগৰে সংগীতাক বিদায় দিছিল পৰিয়ালে। কিন্তু কোনে জানিছিল যে সৌ সিদিনা ঘৰৰ পৰা আনন্দ মনেৰে বিদায় দিয়া সংগীতাৰ মৃতদেহ ঘূৰি আহিব ঘৰলৈ।

ঘটনাৰ বিৱৰণী মতে, লামডিঙৰ সৰবজৌৎ ব্যৱসায় সুত্ৰে গুৱাহাটীৰ সুন্দৰপুৰৰ গৃহত বসবাস কৰিছিল পৰিয়ালৰ সৈতে। প্ৰথম অৱস্থাত সংগীতাৰ পৰিয়ালক যৌতুকত একো নালাগে বুলি কৈ বিয়াৰ পাছত যৌতুকৰ বাবে সংগীতাক মানসিক আৰু শাৰিৰীক ভাৱে অত্যাচাৰ কৰিছিল সংগীতাৰ স্বামী আৰু তেওঁৰ পৰিয়ালে।

এনে অত্যাচাৰ সহ্য কৰিব নোৱাৰি আত্মহত্যাৰ পথ বাচি লয় সংগীতাই। সৰু-সুৰা কথাকলৈ সংগীতাৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সৰবজৌতে। শুকুৰবাৰে নিশা সংগীতা আৰু সৰবজৌতৰ মাজত কাজিয়াৰ সূত্রপাত হৈছিল।

►►পঢ়িবলৈ ক্লিক কৰকঃ স্বামীৰ এইড্‌ছঃ আত্মঘাতী হ’ল নৱবিবাহিতা পত্নী

ইয়াৰ পাছতে স্বামীগৃহত এটি কোঠাৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় সংগীতা কৌৰৰ মৃতদেহ। পাছত সংগীতাৰ স্বামী সৰবজৌতক আটক কৰে দিছপুৰ আৰক্ষীয়ে। কিন্তু সংগীতাৰ পৰিয়ালৰ লোকে কৰা অভিযোগ মতে সংগীতাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড।

সৰবজৌতৰ পৰকীয়া প্ৰেম থকাৰো অভিযোগ উত্থাপন কৰি বাৰে বাৰে যৌতুকৰ বাবে সংগীতাক অত্যাচাৰ চলোৱাৰ কথাও জানিবলৈ দিছে সংগীতাৰ মাতৃয়ে। হাঁহি মুখেৰে বিদায় দিয়া সংগীতাৰ মৃত্যুত এতিয়া কান্দোনত ভাগি পৰিছে লংকাৰ সংগীতাৰ পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া।

সকলোৱে বিচাৰিছে সংগীতা কৌৰৰ মৃত্যুৰ উচিত তদন্ত হওঁক। সাংবাদিকৰ সন্মুখত জীয়ৰীৰ ফটো বুকুত লৈ উচুপি উঠে সংগীতাৰ মাতৃ। এই জঘন্য ঘটনাৰ পাছত সচেতন মহলত উত্থাপন হৈছে এটি প্ৰশ্নৰ- সঁচাকৈয়ে আমাৰ সমাজৰ সংস্কাৰ সাধন হৈছেনে? ডিজিটেল যুগত যৌতুকৰ বাবে বোৱাৰী নিৰ্যাতনৰ দৰে ঘটনা বাৰে বাৰে কিয় সংঘটিত হয়?