anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জিএছটি পৰিষদৰ ২৮ সংখ্য়াক বৈঠক শনিবাৰে নতুন দিল্লীত অনুষ্ঠিত হয়। পৰিষদৰ বৈঠকৰ অন্তত সংবাদমেল অনুষ্ঠিত কৰি বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে চেনিটাৰি নেপকিন কৰ মুক্ত ঘোষণা কৰা হয়। টিভি, ফ্ৰিজ, ৱাশ্বিং মেচিন সহ ৫০ বিধ সামগ্ৰীৰ কৰ কম কৰি দিয়ে পৰিষদে। ইয়াৰ লগে লগে বিত্ত মন্ত্ৰী পীয়ুষ গোৱেলে পুিনৰ ১০০ বিধ সামগ্ৰীৰ কৰ কম কৰা হ'ব বুলি কয়। বৈঠকত লোৱা সিদ্ধান্ত ২৭ জুলাই পৰা  কাৰ্যকৰী হ'ব। চেনিটাৰি নেপকিনৰ লগতে হেণ্ডিক্ৰাফ্ট, ষ্টোন, মাৰ্বল, কাঠৰ মূৰ্তি, ফুলৰ ঝাড়ু আদি সামগ্ৰী কৰ মুক্ত ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

টিভি (সৰু), ৱাশ্বিং মেচিন, ৰেফ্ৰিজেৰেটৰ, ভিডিঅ' গেম, বেটাৰী, ভেকুম ক্লিনাৰ, ফুড গ্ৰাণ্ডৰ, মিক্সি, ষ্টোৰেজ ৱাটাৰ হিটাৰ, ড্ৰায়াৰ, পণ্ড, ৱাটাৰ কুলাৰ, মিল্ক কুলাৰ, আইচক্ৰিম কুলাৰ, পাৰফিউম, টইলেট স্প্ৰেৰ ২৮ পৰা ১৮ শতাংশ কৰা হয় কৰ। 

হেণ্ড বেগ, জুৱেলাৰী বাকচ, কাঠৰ বাকচ, আৰ্ট বেয়াৰ গ্লাছ, হাতেৰে নিৰ্মিত লেমত ১২ শতাংশ কৰ নিৰ্ধাৰণ কৰা হয়। ইউৰিয়াৰ লিথিয়ামেৰে নিৰ্মিত বেটাৰীৰ কৰ ৫ শতাংশ কৰা হয়। চেণ্ডল-জোতা ১০০০ টকালৈকে ৫ শতাংশ কৰ ভৰিব লাগিব। ব্যৱসায়ীসকলক কৰ দিয়া ব্যৱস্থা সহজ কৰাৰ বাবে চিন্তা চৰ্চা কৰা হয়। ৫ কোটি লৈকে ব্যৱসায় কৰা লোকে মাহেকত কৰ দিব পাৰিব। তেনে ব্যৱসায়ীৰ আয়কৰ ফাইলৰ প্ৰয়োজন নাথাকিব। কৰি পৰিশোধ কৰিবৰ বাবে নতুন ফৰমেট প্ৰস্তুত কৰা হয়। B2B, B2C মানে ডিলাৰ আৰু ব্যৱসায়ীৰ বাবে বেলেগ বেলেগ হ'ব কৰ পৰিশোধ কৰাৰ ফৰমেট। সহজ ফৰমেট যোগে লোৱা হ'ব কৰ। অসম, অৰুণাচল, চিকিম, হিমাচল প্ৰদেশৰ কৰ ৰেহাইৰ সীমা পূৰ্বৰ ১০ লাখৰ ঠাইত ২০ লাখ কৰা হয়।