বটদ্ৰৱাঃ নগাঁও জিলাৰ খুটিকটীয়া নিৱাসী জ্ঞানী চৰ্দাৰ সিংহৰ ১০২ বছৰ বয়সত পৰলোকপ্ৰাপ্তি ঘটে ৷ প্ৰয়াত সিংহ এজন কঠোৰ পৰিশ্ৰমী, ধাৰ্মিক আৰু সমাজপ্ৰিয় ব্যক্তি আছিল৷

আমৃত্যু নগাওঁ জিলাৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয়  অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওত:প্ৰোতভাৱে জড়িত চৰ্দাৰজীৰ ধৰ্মীয় ক্ষেত্ৰত থকা তেওঁৰ গভীৰ জ্ঞান সমাজৰ অইনৰ মাজত বিলাই দি প্ৰত্যেককে সমাজ আৰু মানৱজাতিৰ বাবে একো একোজন উপযুক্ত ব্যক্তি হিচাপে গঢ়ি তোলাৰ বাবে কৰা অহোপুৰুষাৰ্থৰ বাবে সকলোৱে "জ্ঞানীজী" বুলিয়েই সম্বোধন কৰিছিল৷

মৃত্যুৰ সময়ত তেওঁ জ্যেষ্ঠ পুত্ৰ অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ চৰ্দাৰ হৰদীপ সিংহ সহিতে চাৰিজন যোগ্য পুত্ৰ, পাঁচগৰাকী বিবাহিতা জীয়ৰীৰ ওপৰিও বহুকেইজন নাতি-নাতিনীসহ গুণমুগ্ধক এৰি থৈ যায়৷

বিশিষ্ট ব্যক্তিগৰাকীৰ মৃত্যুত শিখসমাজৰ লগতে জিলাখনৰ বহু ধৰ্মীয়, সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানসহ দল-সংগঠনে শোক প্ৰকাশ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷