nnewsnextone.com। চিপাঝাৰঃ  দৰং তথা ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিলে এগৰাকী কৃতী শিক্ষকে৷ ২০১৮ চনৰ ৰাষ্ট্ৰীয় কৃতী শিক্ষক বঁটাৰ বাবে বিবেচিত হৈছে মঙলদৈ পকাবাঙী পাৰাৰ শিক্ষক শশাংক হাজৰিকা নাম৷

দেশৰ ৪৫ গৰাকী শিক্ষকৰ লগতে স্থান পাবলৈ সক্ষম হৈছে অসমৰ এইগৰাকী শিক্ষকে৷ অহা ৫ চেপ্তেম্বৰ ৰ শিক্ষক দিৱসৰ দিনা দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰপতিৰ হাতৰ পৰা গ্ৰহণ কৰিব এই বঁটা৷ শংশাক হাজৰিকাৰ সাফল্যৰ বাবে অসম তথা সমগ্ৰ দৰংবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে৷