newsnextone.com | মংগলদৈঃ পৰিবৰ্তনৰ শ্লগানেৰে বিজেপি চৰকাৰ গঠন কৰা ৰাজ্যৰ স্বাস্থ্য বিভাগৰ পৰিৰ্বতনৰ নমুনা দেখিলে চকু কপালত উঠিব সকলোৰে।এইবাৰ হস্পিতাললৈ ৰোগীক এম্বুলেঞ্চৰ পৰিবৰ্তে নিব লগা হৈছে ঠেলাত।এই হৃদয় বিদাৰক ঘটনাটো সংঘটিত হৈছে দৰং জিলাৰ দেওমৰনৈ অঞ্চলত।

পাতিদৰং গাওঁৰ এগৰাকী লোকে নিজ বৃদ্ধা মাতৃক চিকিৎসাৰ বাবে দেওমৰনৈ সামুহিক চিকিৎসালয়লৈ নিব লগা হয়।এম্বুলেঞ্চৰ অভাৱ কিম্বা সময়মতে এম্বুলেঞ্চ আহি নোপোৱাৰ বাবেই উপায়বিহীন হৈ এই দৰিদ্ৰ পৰিয়ালটোৱে  ঠেলাৰে নিবলগীয়া হৈছে ৰোগীক।মূলতঃ দেওমৰনৈ সামুহিক চিকিৎসালয়ৰপৰা তিনি চাৰি কিলোমিটাৰ দূৰত্বতো নাপায় এম্বুলেঞ্চৰ সেৱা।যাৰবাবে এতিয়া দুখীয়া ৰাইজৰ বাবে ঠেলাই হৈছে এম্বুলেঞ্চ।

 
ৰাজ্যত অসম চৰকাৰৰৰ স্বাস্থ্য বিভাগে যিমানেই উন্নয়নৰ ধাক ঢোল নবজাক কিয়, এই ছবিখনে স্বাস্থ্য বিভাগৰ ফোপোলা স্বৰূপটো উদঙাই তুলিছে। আনহাতে দেওমৰনৈত ফোন কৰিলেও সময়ত এম্বুলেঞ্চ আহি নোপোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দুৰ্ভগীয়া পৰিয়ালটোৱে।