ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে এটি ৰায় প্ৰদান কৰি প্ৰাপ্তবয়স্ক তৰুণ-তৰুণীয়ে বিয়া নোহোৱাকৈ একেলগে বসবাস কৰিব পৰা কাৰ্যক বৈধতা প্ৰদান কৰে৷ কেৰালাৰ এগৰাকী তৰুণৰ এটি গোচৰৰ ৰায় প্ৰদান কৰি এই কথা প্ৰকাশ কৰে দেশৰ শীৰ্ষ আদালতে৷

কেৰালাৰ এহাল তৰুণ-তৰুণীৰ বিবাহ সম্পৰ্কীয় গোচৰৰ ৰায় প্ৰদান কৰাৰ সময়ত উচ্চতম ন্যায়ালয়ে কয় যে কোনে প্ৰাপ্তবয়স্কই বসবাস কৰাৰ ক্ষেত্ৰত নিজৰ পছন্দ অনুসৰি সংগী বাছি লব পাৰে৷ বৰ্তমান লিভিং টুগেডাৰ সম্পৰ্ক আইনৰ দ্বাৰা অনুমোদিত আৰু গৃহ হিংসাৰ বিৰুদ্ধে নাৰী সুৰক্ষা আইন Protection of Women from Domestic Violence Act, 2005ৰ দ্বাৰা স্বীকৃত বিষয়৷

সম্প্ৰতি কেৰালা উচ্চ ন্যায়ালয়ে বিবাহ নাকচ কৰি প্ৰদান কৰা এটি ৰায়ক প্ৰত্যাহ্বান জনাই এগৰাকী যুৱকে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে৷ কেৰালা উচ্চ ন্যায়ালয়ে গোচৰ ৰায় প্ৰদান কৰি ন্যুনতম বয়সৰ সীমা অতিক্ৰম নকৰাত যুৱতীৰ সৈতে বিয়া নাকচ কৰে এহাল তৰুণ-তৰুণীৰ৷ তাৰ পিছত এই ৰায়ক প্ৰত্যাহ্বান জনাই যুৱকে উচ্চতম ন্যায়ালয়ৰ ওচৰ চাপে৷ 

উচ্চতম ন্যায়ালয়ত গোচৰ চলাৰ অন্তত ৰায় প্ৰদান কৰি কয় ‘‘দুয়োজনেই হিন্দু সম্প্ৰদায়ৰ৷ ১৯৫৫ চনৰ হিন্দু বিবাহৰ আইন মতে এই বিয়া বৈধ আৰু দুয়োজনেই প্ৰাপ্তবয়স্ক৷ আইন অনুসৰি দুয়োজনে বিয়া কৰাব পাৰে নাইবা একেলগে বসবাস কৰিব পাৰে৷ আনহাতে কোনে কাৰ সৈতে থাকিব সেয়া তৰুণ-তৰুণীয়ে নিজেই সিদ্ধান্ত লব বুলি কয়৷

তাৰ লগে লগে উচ্চতম ন্যায়ালয়ে কয় দুই প্ৰাপ্তবয়স্কই বিয়াত কেতিয়াও আদালতে হস্তক্ষেপ কৰিব নোৱাৰে৷ কোনো অভিযোগৰ ভিত্তিত বিয়া বাতিল কৰা অসম্ভৱ৷