নগাঁওঃ নগাঁও জিলাৰ এতিহ্যমণ্ডিত বৰক'লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উদযাপনৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ বৃহস্পতিবাৰে কেইবাশতাধিক লোকৰ উপস্থিতিত সোণালী জয়ন্তী উৎসৱ উদযাপনৰ লাইখুঁটা স্থাপন কৰা হয়৷

অধ্যক্ষ প্ৰতাপ সিঙে আতঁধৰা অনুষ্ঠানত সভাপতিত্ব কৰে উদযাপন সমিতিৰ সভাপতি গুৰুমুখ সিঙে। বিদ্যালয়ৰ প্ৰাক্তন কৰ্মচাৰী দৰবাৰ সিংহই বন্তি প্ৰজ্বলন কৰে। বিদ্যালয়ৰ পাঁচ গৰাকী প্ৰাক্তন শিক্ষকৰ দ্বাৰা লাইখুটা স্থাপন কৰা হয়।

প্ৰাক্তন প্ৰধান শিক্ষক ইন্দ্ৰ মোহন ডেকা, বদন চন্দ্ৰ লস্কৰ, জিতেন্দ্ৰ নাথ ডেকা, গুৰমুখ সিং আৰু প্ৰাক্তন সহকাৰী শিক্ষক ক্ষিতিশ চন্দ্ৰ বৰাই একেলগে লাই খুঁটা স্থাপন কৰে। অহা ২৬ ২৭ আৰু ২৮ ডিচেম্বৰত বিদ্যালয়খনৰ সোণালী জয়ন্তী উৎসৱ অনুষ্ঠিত হ'ব।