প্ৰতিকী ফটো,উৎস ইন্টাৰনেট,
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

বঢ়মপুৰঃ এইবাৰ দুৰ্বত্তৰ টাৰ্গেট বিদ্যালয়৷ এইবাৰ তাণ্ডৱ চলালে বিদ্যালয়ত৷ সমগ্ৰ ৰাজ্য ধনৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজাৰ আৰাধনাত ব্যস্ত হৈ থকাৰ সময়তে নগাঁও জিলাৰ ৰূপহী শিক্ষা খণ্ডৰ অধীনৰ বঢ়মপুৰৰ নিকটৱৰ্তী ৬০৯নং জলাহৰচুক প্ৰাথমিক বিদ্যালয়ত দুৰ্বত্তই প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰে৷

বিদ্যালয়খনৰ এখন খিৰিকি ভাঙি ভিতৰত প্ৰৱেশ কৰি বিদ্যালয়ৰ সা-সামগ্ৰীৰ অনিষ্ট সাধন কৰাৰ লগতে কিতাপ-পত্ৰৰো ক্ষতিসাধন কৰে৷ বহু কিতাপ বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত পেলাই থৈ যায়৷

আনহাতে অচিনাক্ত দুৰ্বৃত্তৰ দলটোৱে ৰাজ্যত অহা ১০ অক্টোবৰৰ পৰা ১৩অক্টোৱৰলৈ হ'বলগীয়া গুণোৎসৱৰ বাবে বিদ্যালয়খনে কৰা প্ৰস্তুতিৰো যথেষ্ট ক্ষতিসাধন কৰা বুলি বিদ্যালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ ৰাজ্যত হ'ব লগা দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সময়তে বিদ্যালয়খনত সংঘটিত হোৱা এনে কাণ্ডই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে৷