ডিজিটেল ডেস্কঃ নিলাম হ’ল জিভা মেলা আইনষ্টাইনৰ সেই বিখ্যাত ফটোখন। এই বিখ্যাত ফটোখনৰ তলতে আছে বিশ্ব বিশ্ৰুত বিজ্ঞানীগৰাকীৰ স্বাক্ষৰ। প্ৰকাশিত বাতৰি অনুযায়ী ফটোখন ভাৰতীয় হিচাপত প্ৰায় ৮০ লাখ টকাত নিলামত বিক্ৰী হৈছে।

১৯৫১ চনৰ ১৪ মাৰ্চত এই বিখ্যাত আলোকচিত্ৰখন কেমেৰাত বন্দী কৰিছিল ইউনাইটেড প্ৰেছ ইণ্টাৰনেশ্যনেলৰ ফটোগ্ৰাফাৰ আৰ্থুৰ ছাছে। দ্য প্ৰিন্সটন ক্লাৱত আইনষ্টাইনৰ ৭২ সংখ্যাক জন্মদিনৰ চেলিব্ৰেশ্যন পাৰ্টীত তোলা হৈছিল ফটোখন।

নোবেল জয়ী বিজ্ঞানীৰ ফটো তুলিবলৈ গৈ আইনষ্টাইনক মিচিকিয়াই হাঁহি দিবলৈ অনুৰোধ কৰিছিল ফটোগ্ৰাফাৰ আৰ্থুৰে। আৰ্থুৰ অনুৰোধৰ পিছতে জিভা উলিয়াই হাঁহিছিল মহান বিজ্ঞানীগৰাকীয়ে। লগে লগে সেয়া কেমেৰাত বন্দী কৰিছিল আৰ্থুৰে।

পৰৱৰ্তী সময়ত সেই ফটোখন সমগ্ৰ বিশ্বতে জনপ্ৰিয় হৈ পৰে। জানিব পৰা মতে, ব্যক্তিগতভাৱে আইনষ্টাইনে ফটোখনৰ ৯টা কপি নিজৰ ওচৰত ৰাখিছিল। সেই ৯টা কপিৰ মাজৰ এখন ফটো ২০০৯ চনৰ জুন মাহত নিলাম হৈছিল। এইবাৰ আকৌ সেই একেই ফটো পুনৰ নিলামত উঠে। উল্লেখ্য যে এই ফটোখন হৈছে বিশ্বৰ দামী ফটোসমূহৰ অন্যতম।