newsnextone.com | বটদ্ৰৱাঃ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাই সাঁচিপাতত বিভিন্ন পুথি লিখি থৈ যোৱা একক আৰু অপূৰ্ব শিল্প কৰ্মবিধ কালক্ৰমত হেৰায় যোৱা পৰিলক্ষিত হৈছে৷ তেনে সময়তে আত্মাৰ তাড়নাত গুৰুজনাৰ জন্মস্থান দ্বিতীয় বৈকুণ্ঠ বটদ্ৰৱাতে এই শিল্পকৰ্মবিধ পুনৰুজ্জীৱিত কৰাৰ ক্ষেত্ৰত নিৰৱচ্ছিন্নভাৱে ব্ৰতী হৈছে গুৰুজনাৰ একান্ত সেৱক শিল্পী হৰি নাৰায়ণ কোঁৱৰ৷ 

এইগৰাকী প্ৰচাৰ বিমুখ শিল্পীলৈ এইবেলি অসম চৰকাৰে আগবঢ়াইছে শিল্পী পেঞ্চণ৷ সাংস্কৃতিক পৰিক্ৰমা বিভাগে জাৰি কৰা অধিসূচনাত আনুষ্ঠানিকভাৱে হৰি নাৰায়ণ কোঁৱৰৰ নামটো ঘোষণা কৰা হৈছে৷

উল্লেখ্য যে, পৌৰাণিক পৰম্পৰা ৰক্ষা কৰি হেঙুল হাইতাল সানি শিলিখা গোমূত্ৰৰ মহী প্ৰস্তুত কৰি বাহঁৰ জেঙৰ কলমেৰে সাঁচি গছৰ ছাল কাটি মহাপুৰুষ গুৰুজনাৰ অনবদ্য সৃষ্টি 'গুণমালা' পুথিখন একক প্ৰচেষ্ঠাৰে লিখি উলিয়াইছে৷ 

কেৱল গুণমালাই নহয়, বৰ্তমানলৈকে নিজৰ কষ্টোপাৰ্জিত ধন ভাঙি গুৰুজনাৰ বিৰচিত 'ৰুক্মিনী হৰণ' 'গজেন্দ্ৰ উপাখ্যান'কে প্ৰমুখ্য কৰি কেইবাখনো পুথি লিখি শঙ্কৰগুৰুজনাৰ পথকে অনুসৰণ কৰি গুৰুজনাই তৈয়াৰ কৰা কাঠৰ বাকচ নিজে তৈয়াৰ কৰি অতি সুন্দৰ আৰু সযতনে নিজে লিখা সাঁচিপতীয়া পুথিসমূহ বাসগৃহতে সংৰক্ষণ কৰিছে এইগৰাকী শিল্পীয়ে৷

বটদ্ৰৱা শ্ৰীশ্ৰী শঙ্কৰদেৱ উচ্চত্বৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহন কৰিয়েই হৰিনাৰায়ন কোঁৱৰে সম্পূৰ্ণভাৱে পৌৰানিক পদ্ধতিৰে সাঁচিপাতত লিখা আৰু সংৰক্ষণৰ কামত ব্ৰতী হৈ ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়, শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন অনুষ্ঠানৰ আমন্ত্ৰণ ক্ৰমে গৱেষক-ছাত্ৰ-ছাত্ৰীক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে বিভিন্ন ঠাইত অনুস্থিত কৰ্মশালাতো চৰকাৰীভাৱে প্ৰশিক্ষকৰ দায়িত্ব পালন কৰি আহিছে৷

শ্ৰীমন্তশঙ্কৰদেৱ গুৰুজনাৰ বিৰচিত অংকীয়া ভাওঁনাসমূহত নাৰদৰ ভাওঁ দি ইতিমধ্যেই সামাদৃত ভগবান প্ৰদত্ত হস্তাক্ষৰৰ গৰাকী এইগৰাকী ব্যক্তিক শিল্পী পেঞ্চণৰ যোগেদি চৰকাৰী ভাবে আগবঢ়োৱা স্বীকৃতি তথা সন্মানৰ বাবে সমগ্ৰ বটদ্ৰৱাবাসীয়ে আন্তৰিক আনন্দ লাভ কৰি অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপণ কৰিছে ৷