শিৱসাগৰঃ ছয়শ বছৰীয়া আহোম ৰাজত্ব কালত নিৰ্মিত ইতিহাস বিজড়িত এক সুন্দৰ নিদৰ্শন হ’ল ‘শিৱদৌল’৷ স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্ব কালত ৰাণী অম্বিকা দেৱীৰ নিৰ্দেশমৰ্মে ১৭৩১ খ্ৰীষ্টাব্দত সোণৰ কলচীৰে সৈতে কৰ্দৈশিৰীয়া এই শিৱদৌলটো নিৰ্মাণ কৰিছিল৷

ঐতিহাসিক শিৱসাগৰ নগৰৰ বৰপুখুৰীৰ পাৰৰ দৌলটোত বিশ্বাস অনুযায়ী শিৱভক্তৰ দ্বাৰা নিত্য-নৈমিত্তিক শিৱৰ পূজা-আৰাধনা কৰা হয়৷ প্ৰতি বছৰে শিৱদৌলৰ প্ৰাংগনত পূৰ্বৰ পৰম্পৰা অনুসৰি পালন কৰি অহা মহাশিৱৰাত্ৰী মেলা এইবাৰো মংগলবাৰৰ পৰা উলহ মালহেৰে অনুষ্ঠিত হৈছে৷

উল্লেখ্য যে, এই মহোৎসৱত আমেৰিকা, অষ্ট্ৰেলিয়া, জাপান, ফ্ৰান্স, ইটালি, ৰোমানিয়া আদি দেশৰ শিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷ ১৬ ফেব্ৰুৱাৰীলৈকে শিৱসাগৰ ব’ৰ্ডিং খেলপথাৰত অনুষ্ঠিতহব লগা মহোৎসৱত  শুভংকৰ এটিও প্ৰস্তুত কৰি উলিওৱা হৈছে শিৱৰ অনুচৰ 'নন্দীৰ' আৰ্হিত৷শিৱসাগৰ দৌল উন্নয়ন সমিতি, জিলা প্ৰশাসন তথা শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ বুধবাৰৰ কাৰ্য্যসূচীত অংগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালে ৷

জানিব পৰা মতে, আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বুধবাৰে পুৱা শিৱসাগৰত উপস্থিত হৈ মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে প্ৰথমে শিৱসাগৰৰ ঐতিহাসিক শিৱদৌলত অনুষ্ঠিত হোৱা শিৱ পূজাত ভাগ লয়৷ ইয়াৰ পাছতে মুখ্যমন্ত্রীজনে শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হোৱা মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰে।

মুকলি সভাত সোণোৱালে ব্যক্তব্যত কয়, ৬০০ বছৰীয়া আহোম ৰাজত্বৰ সোণালী স্বাক্ষৰ বহন কৰা এই ঐতিহাসিক শিৱসাগৰ জিলাত থকা শিৱদৌল ভাৰতবর্ষৰ ভিতৰতে আটাইতকৈ ওখ দৌল৷ খ্যাত শিৱদৌলত প্ৰতিবছৰে অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী শিৱৰাত্ৰি মেলা এইবাৰ প্রথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অায়োজন কৰাৰ মূলতে শিৱসাগৰ দৌল উন্নয়ন সমিতি, শিৱসাগৰ জিলা প্ৰশাসন আৰু শিৱসাগৰবাসী ৰাইজৰ সঠিক পৰিকল্পনা তথা সন্মিলিত প্ৰচেষ্টাৰ ফল৷

শিৱসাগৰত থকা আহোম ৰাজত্বৰ ঐতিহাসিক সমলসমূহৰ উপযুক্ত সংৰক্ষণ তথা সৌন্দর্যবৰ্ধন সঠিক ৰূপত হ’লে শিৱসাগৰে বিশ্বৰ পৰ্যটনৰ মানচিত্রত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হ’ব৷ ইয়াৰ বাবে চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰ্যটন বিভাগৰ লগ লাগি ইয়াৰ ৰূপৰেখা তৈয়াৰ কৰিব বুলি সদৰী কৰে৷

শিৱসাগৰৰ পৰাই দেশৰ অৰ্থনীতিৰ বুনিয়াদ আৰম্ভ হৈছে৷ অ.এন. জি.চি.য়ে শেহতীয়াকৈ শিৱসাগৰৰ উন্নয়নৰ বাবে আগবঢ়োৱা প্ৰায় ৩৪ কোটি টকাৰ অনুদানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই পূঁজিৰ জড়িয়তে শিৱসাগৰ জিলাৰ বহুখিনি উন্নয়ন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰে৷

মুখ্যমন্ত্রীয়ে লগতে কয় যে, শিৱসাগৰৰ উপযুক্ত আৰু সঠিক উন্নয়নৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে কেৱল পদক্ষেপ ল’লেই নহব, ইয়াৰ বাবে শিৱসাগৰৰ সৰ্বস্তৰৰ লোকসকলৰ সৎ মনোবৃত্তি আৰু অকুণ্ঠ সহযোগিতাৰ একান্তই প্ৰয়োজন৷ এই ক্ষেত্ৰত প্ৰত্যেকজন শিৱসাগৰৰ নাগৰিকক আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷

ৰুমীন বৰুৱাই আঁত ধৰা আৰু আন্তঃৰাষ্ট্ৰীয় শিৱ মহোৎসৱৰ উদযাপন সমিতিৰ প্ৰধান সম্পাদক চন্দন ফুকনে আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাখনত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, মহোৎসৱৰ উদযাপন সমিতিৰ সভাপতি তথা শিৱসাগৰ জিলা উপায়ুক্ত নাৰায়ণ কোঁৱৰ উপস্থিত থাকে।

থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, মাহমৰা সমষ্টিৰ বিধায়ক যোগেন মহন, সোণাৰী সমষ্টিৰ বিধায়ক তপন কুমাৰ গগৈ, ডিব্রুগড় বিধানসভা সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকন, ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ উপ-সভানেত্রী সুৰভি ৰাজকুমাৰীৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ শিৱসাগৰ জিলাৰ সভাপতি ভৱেন মহনো বিশিষ্ট অতিথি ৰূপে উপস্থিত থাকে৷ এই সভাতে শৰৎ হাজৰিকাৰ সম্পাদনাত প্ৰকাশ কৰা স্মৰণিকা 'শিৱ' উন্মোচন কৰে মুখ্যমন্ত্রী সৰ্বানন্দ সোনোৱালে৷