newsnextone ১০অক্টোবৰ,শিৱসাগৰ: ক্ৰম বৰ্দ্ধিত মূল্যবৃদ্ধিৰ বিৰুদ্ধে আজি শিৱসাগৰ নগৰত ভাৰতীয় কমিউনিষ্ট পাৰ্টিয়ে এক গণ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে।নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি, ইন্ধনজাত সামগ্ৰীৰ চৰাদাম,বাছ ভাড়া আৰু বিদ্যুত মাচুল বৃদ্ধি আদিৰ তাৎক্ষণিক নিয়ন্ত্ৰণ আৰু হ্ৰাসৰ দাবীত নগৰত সমদল কৰি বিভিন্ন শ্লোগান দি উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে।
ইয়াৰ লগতে বামপন্থী দলটোৱে ৰাজহুৱা বিতৰণ ব্যৱস্থা শক্তিশালী কৰা,পেট্ৰলিয়াম কোম্পানীৰ ওপৰত চৰকাৰী নিয়ন্ত্ৰণ প্ৰৱৰ্তন কৰা,বৃহৎ ব্যৱসায়িক গোষ্ঠীৰ পৰা ৰাজনৈতিক পুঁজি সংগ্ৰহ বন্ধ কৰা আদি দাবী উত্থাপন কৰি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।