বিহুগুৰিঃ শোণিতপুৰ জিলাৰ শিৱমন্দিৰত দেওবাৰে এটি Digital Skill Development কেন্দ্ৰ শুভ উদ্বোধন কৰা হয়। শোণিতপুৰ জিলাৰ মানৱ অধিকাৰ সজাগতা আৰু সুৰক্ষা পৰিষদৰ সহযোগত Digital Skill Development কেন্দ্ৰটো শতাধিক লোকৰ উপস্থিতিত উদ্বোধন কৰে বৰচলা সমষ্টিৰ জিলা পৰিষদৰ সদস্য নোমল বড়োৱে৷

সমাজকৰ্মী প্ৰভাত বৰা আৰু উপস্থিত লোকসকলে পিছপৰা অঞ্চলটোত যুৱক-যুৱতীসকলক কৰ্ম সংস্থাপনৰ বাবে প্ৰস্তুত কৰি তোলাৰ বাবে আহ্বান জনায়৷ বিশিষ্ট নাগৰিক দিপক মেনাই শোণিতপুৰ জিলাৰ মানৱ অধিকাৰ সজাগতা আৰু সুৰক্ষা পৰিষদৰ প্ৰচেষ্টাক শলাগ লয়৷