গোৱালপাৰাঃ ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ গোৱালপাৰা জিলা সমিতিয়ে বৃহস্পতিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ গোৱালপাৰা চহৰৰ মাজেৰে এটি বৃহৎ সমদল উলিয়াই  জিলা উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ কেইবাঘণ্টা ধৰি উত্তাল কৰে উপায়ুক্তৰ কাৰ্যালয় চৌহদ৷ 

ছাত্ৰ-ছাত্ৰীয়ে কেইবাটাও দাবীৰ প্ৰতিবাদত উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত শ্ল’গান দি স্মাৰক পত্ৰ দিবলৈ উপায়ুক্তৰ বাবে ৰৈ থকাৰ পিছতো কাৰ্যালয়ৰ পৰা ওলাই নাহিল উপায়ুক্তগৰাকীয়ে৷ উক্ত সময়ত বিভিন্ন শ্ল’গানেৰে কাৰ্যালয় কঁপাই তোলা ছাত্ৰ-ছাত্ৰীৰ সৈতে আৰক্ষী বিষয়াই তর্ক যুদ্ধ লিপ্ত হোৱা দেখা যায়৷

শিক্ষাক পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে প্ৰশ্ন কাকত কেলেংকাৰীৰ অভিযোগ উত্থাপিত হোৱা গোৱালপাৰা ছায়েন্স অকাডেমিৰ বিৰুদ্ধে সঠিক তদন্ত কৰাৰ দাবীত ছাত্র মুক্তি সংগ্ৰাম সমনিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ সহস্ৰাধিক ছাত্র-ছাত্ৰীয়ে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই শিক্ষা মন্ত্ৰীক ব্যৰ্থ আখ্যা দি পদত্যাগৰ দাবী জনায়।

গোৱালপাৰা চহৰৰ মাজেৰে সমদল কৰি আহি গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয় প্ৰাংগণত উপস্থিত হৈ জিলাখনৰ বিদ্যালয়সমূহত ছাত্র অনুপাতে শিক্ষক নিযুক্তি দিয়া, বিভিন্ন শিক্ষানুষ্ঠানসমূহত শিক্ষক আৰু অধ্যক্ষ নিযুক্তি দিয়া, শিক্ষানুষ্ঠান সমূহৰ আন্তঃগাঁথনিৰ লগতে সকলো ক্ষেত্ৰতে উন্নয়ন সাধন কৰাৰ দাবী জনায়৷

সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ধৰ্ণা কাৰ্যসূচী পালন কৰাত এক উত্তাল পৰিৱেশৰ সৃষ্টি হয়। গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰৰ পৰা গোৱালপাৰা চহৰৰ মাজেৰে সমদল কৰি জিলা উপায়ুক্তৰ কাৰ্যালয় পোৱাৰ পূৰ্বেই আৰক্ষীয়ে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰখাই প্ৰতিবাদকাৰীসকলক। প্ৰতিবাদকাৰীসকলে তাতেই বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি জিলাৰ বিদ্যালয়ৰ সমূহৰ পৰিদৰ্শকৰ লগতে শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকীৰ স্মাৰক পত্ৰ গ্ৰহণৰ বাবে তেওঁলোকৰ ওচৰলৈ আহিবলৈ দাবী জনায়৷

পিছত এই বিষয়ক লৈ ছাত্র মুক্তিৰ সৈতে শীৰ্ষ আৰক্ষী বিষয়াৰ তৰ্ক যুদ্ধ হয় যদিও শিক্ষাৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্তগৰাকী প্ৰতিবাদস্থলীত উপস্থিত হবলৈ বাধ্য হয়। জিলাৰ শীৰ্ষ বিষয়াগৰাকীক ছাত্র-ছাত্ৰীসকলে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ কাৰণে তেওঁৰ হাতত এখন স্মাৰক পত্ৰ অৰ্পণ কৰে। ইফালে প্ৰতিবাদস্থলীত ছাত্র মুক্তিৰ কাৰ্যকৰী সভাপতি অশ্ৰাফুল ইছলাম উপস্থিত হৈ শিক্ষা ব্যৱস্থাক চৰকাৰে পণ্য সামগ্ৰীলৈ ৰূপান্তৰিত কৰাৰ ষড়যন্ত্ৰ কৰা বুলি অভিযোগ উত্থাপন কৰে।