ডিজিটেল ডেস্কঃ ক্ৰমাত ৰহস্যজনক হৈ পৰিছে ২০০৫ চনৰ চোহৰাবুদ্দিন শ্বেখৰ ভূৱা সংঘৰ্ষ কাণ্ডৰ গোচৰ৷ শনিবাৰে এই কাণ্ডৰ তদন্ত সন্দৰ্ভত চিবিআইয়ে বিশেষ আদালতত হাজিৰ কৰোৱা দুগৰাকী সাক্ষীয়ে ভাষ্য সলনি কৰে৷ লগে লগে চিবিআই তদন্তত বিধি পথালি দি নিজৰ ভাষ্য সলনি কৰা সাক্ষীৰ সংখ্যা ৫২ জনলৈ বৃদ্ধি পায়৷

ভূৱা সংঘৰ্ষত তথ্য দিয়াৰ আশাৰে চিবিআইয়ে ৰফীক হাফিজ আৰু ফিৰোজ খান নামৰ দুজন লোকক বিশেষ চিবিআই ন্যায়ধীশ এচ জে শৰ্মাৰ সন্মুখত হাজিৰ কৰাইছিল৷ চিবিআইয়ে দাবী কৰিছিল যে এই দুজন সাক্ষীয়ে ভূৱা সংঘৰ্ষ সন্দৰ্ভত চিবিআইৰ আগত ভাষ্য প্ৰদান কৰিছিল৷

কিন্তু সাক্ষ্য দুজনে চিবিআইৰ সন্মুখত কোনো ভাষ্য প্ৰদান কৰাৰ কথা অস্বীকাৰ কৰি কয় যে তেওঁলোক কেৱল এবাৰহে তদন্ত অফিচলৈ গৈছিল আৰু চিবিআইয়ে তেতিয়া তেওঁলোকৰ নাম আৰু ঠিকনা লিখি ৰাখিছিল৷ পিছত চিবিআইয়ে এনেই তেওঁলোকক সাক্ষী বুলি ঘোষণা কৰে৷ চৰকাৰী অধিবক্তাই দুয়োজনকে মত সলনি কৰা সাক্ষী বুলি ঘোষণা কৰে৷ 

ইয়াৰ আগতেও মঞ্জুচা আপ্তে আৰু চলিম খান নামৰ দুজন সাক্ষীয়ে বিশেষ ন্যায়ধীশ এচ জে শৰ্মাৰ আদালতত হাজিৰ কৰি ভূৱা এনকাউন্টাৰ স্পেচিয়েলিষ্ট চোহৰাবুদ্দিনৰ বিষয়ে সোধ-পোচ কৰা হৈছিল৷ কিন্তু ২০০৫ আৰু ২০০৬ চনত এই দুয়োজন সাক্ষীক ভুৱা সংঘৰ্ষৰ জৰিয়তে হত্যা কৰা হয়৷

চিবিআইৰ তথ্য অনুসৰি মঞ্জুচা আপ্তে তেওঁৰ সম্পৰ্কীয় এজনৰ সৈতে হায়দৰাবাদৰ পৰা চাঙ্গলীলৈ যাত্ৰা কৰি আছিল৷ সেই একেখন বাছত শ্বেখ আৰু তেওঁৰ পত্নী কৌসৰো আছিল৷ ইয়াৰ পাছত ২০০৫ চনত আৰক্ষীয়ে আপ্তেক আটক কৰি সোধ-পোছ কৰিছিল৷ আপ্তে আদালতৰ আগত ভাষ্য অনুসৰি তেওঁ সেই বাছখনতে আছিল যদিও তেওঁ কোনো সংঘৰ্ষৰ বিষয়ে গম পোৱা নাছিল৷ সেই সময়ত তেওঁ শুই থকা বুলি আদালতৰ সন্মুখত সাক্ষ্য প্ৰদান কৰিছিল৷