ধিংঃ নগাঁও জিলাৰ ধিঙত লক্ষ্মী পূজাৰ মাজতে দুই ফৈদৰ মাজত সংঘৰ্ষৰ ফলত কেবাজনো লোক গুৰুতৰ ভাবে আহত হয়৷ ধিঙত লক্ষ্মী আইক আৰধানা কৰি থকা অৱস্থাত দুই কিশোৰৰ কাজিয়াৰ ফলত লংকা কাণ্ড সংঘটিত হয়৷ দুই কিশোৰে ধেমালি কৰি থাকোতেই কাজিয়াৰ সুত্ৰপাত হয় লক্ষ্মী পূজাৰ মাজতে৷

কাজিয়া লগাৰ ফলত এজনে আনজন কিশোৰক চৰ শোধাই৷ স্থানীয় সচেতন লোকে দুয়ো কিশোৰক বুজনি দি মিলা-মিছা কৰি দিয়ে৷ তাৰ মাজতে কাজিয়াত লিপ্ত এগৰাকী কিশোৰে ঘৰলৈ গৈ পৰিয়ালৰ সন্মুখত মাৰ খাই অহাৰ কথা অৱগত কৰে৷ কিছু সময় পিছতে কিশোৰগৰাকীৰ পিতৃ আৰু পৰিয়ালৰ আন আন সদস্যই দৌৰা দৌৰিকৈ পূজাস্থলিলৈ আহি মোৰ লৰাক কোনে মাৰিছে বুলি চিঞৰ-বাখৰ কৰে৷

একাংশ লোকে সোম চন্দ্ৰ শইকীয়া আৰু তেওঁৰ পৰিয়ালৰ লোকক কথা খিনি বুজাই কব যোৱাৰ সময়তে কোনো কথাৰ অৱতাৰণা নকৰি মাৰ-ধৰ কৰে। খঙত অগ্নিশৰ্মা হৈ যাক যেনেকৈ পাৰে আক্ৰমণ কৰে৷ ৰাকেশ শইকীয়া, নিতুমনি বৰা, পাৰ্থ প্ৰতিম কলিতা আৰু দিপক বৰাকো আক্ৰমণ কৰে। একাংশ মহিলাকো মাৰধৰ কৰে। ৰাকেশ শইকীয়া নামৰ যুৱকজনক মুৰত বেয়াকৈ প্ৰহাৰ কৰাত থিতাতে ঢলি পৰি৷ ততাতৈয়াকৈ তেওক একাংশ লোকে চিকিৎসালয়ত ভৰ্তি কৰে। শুকুৰবাৰে ৰাইজে আৰক্ষী থানাত সোম চন্দ্ৰ শইকীয়াৰবিৰুদ্ধে এজাহাৰ দাখিল কৰে যদিও আৰক্ষীয়ে এতিয়ালৈ সোমক আটক কৰিব পৰা নাই।