লংকাঃ এগৰাকী দস্যু পিতৃৰ ভয়ত ঘৰ এৰি পলাল ১২ বছৰীয়া ৰিশোৰ৷ নিষ্ঠুৰ পিতৃৰ অত্যাচাৰ সহিব নোৱৰি ঘৰ এৰি পলায়ণ কৰে ১২ বছৰীয়া কিশোৰ৷ এই ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ কাকীৰ টঙীয়াত৷ কাকী আৰক্ষী থানাৰ অন্তৰ্গত বুল দাসৰ ১২ বছৰীয়া পুত্ৰ অনুপ দাস ৬ অক্টোবৰৰ পৰা নিৰুদ্দেশ হয়৷ প্ৰায়ে মদৰ ৰাগীত মাতাল হৈ থকা পিতৃ বুল দাসে ১২ বছৰীয়া ফুল কুমলীয়া সন্তানটোক পঢ়া-শুনা কৰাৰ পৰিবৰ্তে কাম কৰি ঘৰলৈ টকা আনিবলৈ জোৰ-জুলুম কৰে৷

পিতৃৰ কথা আখৰে আখৰে পালন নকৰিলে খঙত অগ্নিশৰ্মা হৈ পৰে পিতৃ বুলু৷ পিতৃৰ কথা অমান্য কৰিলে কিশোৰটোৰ লগতে মাতৃকো বেয়াকৈ প্ৰহাৰ কৰে৷ দৰিদ্ৰ বুল দাস দুটি সন্তানৰ পিতৃ যদিও নিজে মদ-মাংস সেৱন কৰিবলৈ বলিয়া হৈ পৰে৷ মদৰ ৰাগিত মাতাল হৈ প্ৰায়ে ঘৰ খনত উৎপাত কৰাৰ লগতে সন্তান দুটি আৰু পত্নীক প্ৰায়ে কৰে নিৰ্মম অত্যাচাৰ৷

পত্নী ৰুমী দাসে দুদিনৰ মূৰে মূৰে কাকী তেলিআটীত থকা নিজ পিতৃ মাতৃৰ ঘৰৰ পৰা টকা-পইচা আনি নিজৰ সন্তান কেইটাক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে যদিও তাতো শান্ত নহল অত্যাচাৰী পিতৃ বুলু৷ পিতৃৰ এনে অত্যাচাৰ সহিব নোৱাৰি যোৱা ৬ অক্টোৱৰৰ পৰাই হাতত টকা ৮০টা আৰু এখন চাইকেল লৈ ঘৰৰ পৰা ওলাই যায় পুত্ৰ অনুপ৷ পুত্ৰ নিৰুদ্দেশ হোৱাৰ পিছৰে পৰা কান্দি দিন পাৰ কৰিছে মাতৃ ৰুমী দাস৷ মাতৃৰ আহ্বান সন্তানটোৰ সম্ভেদ পালে 7662934713,9678530493 মোবাইল নম্বৰত জনাবলৈ অনুৰোধ জনায়৷