newsnextone.com | সোণাৰিঃ চৰাইদেউ জিলাৰ সোণাৰিত সেনা-আৰক্ষীৰ অভিযানত ৫ লাখ টকা সহ দুই অৰুণাচলী যুৱক গ্ৰেপ্তাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। উগ্ৰপন্থী সংগঠন এনএছচিএনক টকা দিবলৈ যোৱাৰ সময়তে যুৱক দুজনক জালত পেলাবলৈ সক্ষম হয় সেনাই। 

জানিব পৰা মতে, শনিবাৰে সোণাৰিৰ জৱকাত হঠাতে সেনাই অভিযান চলাই। নামতোলা-নাগালেণ্ড পথত অভিযান চলোৱা কালত নগালেণ্ড টাউনলৈ গৈ থকা এখন জাইলু গাড়ী ৰখাই সেনাই অভিযান চলাই। সেনাই গাড়ী খনৰ পৰা নগদ ৫ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। গাড়ীত থকা যুৱক দুজনক সেনা-আৰক্ষীয়ে সোধ-পোছ কৰাত টকাখিনি নগা উগ্ৰপন্থী সংগঠন এনএছচিএনক (ইউ) দিবলৈ আনিছিল বুলি স্বীকাৰ কৰে।

 অৰুণাচলৰ টিৰাপৰ হাউডন আটুৱা আৰু পেনখাই কামহো নামৰ যুৱক দুজনে আন দুজন অপহৃত যুৱকক এনএছচিএনৰ কৱলৰ পৰা মুকলি কৰি আনিবলৈ যোৱাৰ সময়তে সেনাৰ জালত পৰে।যোৱা ১২ জুলাইত নগা উগ্ৰপন্থী সংগঠন এনএছচিএনে (ইউ) অপহৰণ কৰি বন্দী কৰি মুক্তিপণ ১০ লাখ দাবী কৰিছিল। পাছত এটা পক্ষৰ মধ্যস্থতাত ৫ লাখ টকাৰ বিনিময়ত দুই যুৱকক মুকলি কৰিবলৈ ৰাজি হৈছিল আৰু যুৱকদুজনে টকা খিনি লৈ অপহৃত যুৱকক মুকলি কৰি আনিবলৈ গৈ আছিল। দুই যুৱকক সোণাৰি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।