তেজপুৰ টাউনঃ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ, শোষণ-বঞ্চনাৰ বিৰুদ্ধে শোণিতপুৰত শ্ৰমিকৰ উত্তাল প্ৰতিবাদ৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷

বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত শোণিতপুৰৰ ৰঙাপৰাত অখিল ভাৰতীয় চাহ মজদুৰ সংঘই প্ৰতিবাদ সাব্যস্ত কৰে৷

এটি সমদল উলিয়াই দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনায় অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰঙাপৰা শাখাই। বগীধলত প্ৰাপ্য বিচাৰি যোৱা নিৰীহ শ্ৰমিকৰ ওপৰত বাগিচাৰ মালিকে বৰ্বৰ ভাৱে নিজৰ পিষ্টলেৰে গুলী চলোৱাৰ ঘটনাই ৰাজ্য জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ সময়তে শোণিতপুৰ জিলাৰ ৰঙাপৰাত মালিকৰ বৰ্বৰ অত্যাচাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷