newsnextone.com | বিহালীঃ দেশৰ বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশক যোৱা ১৭ জুলাইত ঝৰখাণ্ডৰ পাকুৰ জিলাত বিজেপি আৰু বিজেপিৰ ভাতৃ সংগঠন যুৱ-মৰ্চাৰ লোকে আক্ৰমণ কৰাৰ ঘটনাৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়তে বিশ্বনাথ জিলাত কৃষক মহাসভা আৰু বিপ্লৱী যুৱ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰি ঘটনাৰ সৈতে জড়িত লোকক গ্ৰেপ্তাৰ কৰি শাস্তি দিবলৈ দাবী জনায়। 

বিশ্বনাথ জিলাৰ বৰগাঁঙত প্ৰতিবাদ সাব্যস্ত কৰি বিজেপি আৰু যুৱ মৰ্চাৰ কৰ্মীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইমানে নহয় সংগঠন দুটাই স্বামী অগ্নিবেশক প্ৰহাৰ কৰা ঘটনাৰ বিৰুদ্ধে দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে।

শনিবাৰে দিনৰ ১১ বজাৰ পৰা ২ ঘন্টা সময় অৱস্থান ধৰ্মঘট কৰাৰ পিছত প্ৰতিবাদকাৰীয়ে ৰাজপথত দেশৰ প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডীৰ প্ৰতিকৃতি দাহ কৰে | বিজেপি চৰকাৰ মুৰ্দাবাদ, প্ৰধান মন্ত্রী নৰেন্দ্ৰ মোডী মুৰ্দাবাদ, স্বামী অগ্নিবেশক আক্ৰমণকাৰীক কঠোৰ শাস্তি প্ৰদান কৰক, হিটলাৰী শাসন বন্ধ কৰক আদি শ্ল'গান দি প্ৰতিবাদকাৰী সকলে ৰাজপথ কঁপাই তোলে |

বিহালী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ সন্মুখত তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত সংগঠন দুটাৰ শতাধিক কৰ্মী-সমৰ্থকে অৱস্থান ধৰ্মঘট কাৰ্যসুচী ৰূপায়ন কৰাৰ লগতে প্ৰতিবাদী সভা অনুষ্ঠিত কৰে। সভাত কৃষক মহাসভা অসমৰ ৰাজ্যিক সমিতিৰ সদস্য অনন্ত হাজৰিকা, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ মুখ্য আহ্বায়ক পৰিমল গোড়, অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ চক্ৰ সমিতিৰ সভাপতি নৰোত্তম চুণ্ডী আৰু লক্ষীকান্ত কুৰ্মীয়ে অংশ লয়।

বিজেপি চৰকাৰৰ দিনত দেশত গণতন্ত্র বিপন্ন হৈছে বুলি কোৱাৰ লগতে সোপাধৰা আদি সৃষ্টিৰে জনসাধাৰণক আতংকিত কৰি হিটলাৰী শাসন চলোৱা বুলি অভিযোগ উত্থাপন কৰে নেতাসকলে। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰা গণতান্ত্রিক লোকৰ ওপৰত আক্ৰমণ কৰাৰ কৌশল ৰচনা কৰিছে বুলিও কয়। দলিত সকলৰ ন্যায়ৰ বাবে কাম কৰা স্বামী বিবেকানন্দৰ অনুগামী সমাজকৰ্মী স্বামী অগ্নিবেশক আক্ৰমণ কৰা লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ লগতে ভৱিষ্যতে দেশত যাতে এনে লজ্জাজনক কাণ্ড সংঘটিত নহয় তাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

 উল্লেখ্য যে, ঝাৰখাণ্ডৰ পাকুৰ জিলাত বিজেপি আৰু ভাতৃ সংগঠন যুৱ মৰ্চাৰ কৰ্মীয়ে আক্ৰমণ কৰাত আহত হৈছিল অগ্নিবেশ৷ একাংশ লোকে উদ্ধাৰ কৰি চিকিৎসাৰ ব্যৱস্থা কৰে অগ্নিবেশক৷ এখন সভাত অংশ লবলৈ গৈছিল অগ্নিবেশে৷ এই ঘটনাৰ উচিত তদন্তৰ নিৰ্দেশ দিয়াৰ লগতে স্বামী অগ্নিবেশক নিৰাপত্তাৰক্ষী প্ৰদান কৰে মুখ্যমন্ত্ৰী ৰঘুবৰ দাসে৷

 আক্ৰমণ সৈতে বিজেপি আৰু ভাতৃ সংগঠনৰ লোক জৰিত থকাৰ অভিযোগ উত্থাপন কৰিছিল বিশিষ্ট সমাজকৰ্মী স্বামী অগ্নিবেশে।