গুৱাহাটীঃ ১১ সংগঠনৰ প্ৰতিবাদত উত্তাল হ’ল মহানগৰীৰ সমীপৰ সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যলয়৷ ডিমৰীয়াৰ স্থানীয় ১১ জাতীয়-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি উত্তাৰ পৰিবেশৰ সৃষ্টি কৰে৷

আমচাং অভাৰণ্যত উচ্ছেদিত ২০০টা পৰিয়ালক ডিমৰীয়াৰ টেঘেৰীয়াত পুনৰ সংস্থাপনৰ বিৰুদ্ধাচাৰণ কৰাৰ লগতে, আমচাং অভয়াৰণ্যৰ দাঁতিকাষৰীয়া অঞ্চলৰ উদ্যোগ সমুহ উচ্ছেদ কৰাৰ দাবীত সংগঠন কেইটাৰ নেতা-কৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷

ভুমি আইনৰ দশম অধ্যায় আখৰে আখৰে পালন কৰাৰ লগতে পূঁজিপতি বনিয়াৰ অবৈধ বেদখল উচ্ছেদ কৰাৰ দাবীত আৰু ভুমিপুত্রক ভূমিৰ পট্টা প্ৰদান কৰাৰ দাবীত সংগঠনকেইটাই ৰাজ্যচৰকাৰক দাবী জনায়৷

ডিমৰীয়া জিলা ট্ৰাইবেল সংঘ, সদৌ তিৱা ছাত্র সন্থা, কামৰূপ আন্তঃ ডিমৰীয়া ছাত্র সন্থা, অসম চাহ জনজাতি ছাত্র সন্থা, ডিমৰীয়া কাৰ্বি আলচ আচেম, কাৰ্বি বাংঠে আচেম, সদৌ বাথৌ ধৰ্মীয় মহাসভা, ডিমৰীয়া অসম সংগ্ৰামী যুৱ ছাত্র সন্থা, সদৌ ডিমৰীয়া ছাত্র সন্থা, সদৌ তিৱা মহিলা সন্থা আৰু আন্ত ডিমৰীয়া মহিলা সংঘ আদি সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশ গ্ৰহণ কৰে৷