লালুকঃ হিন্দী ছাৰক বদলি কৰিব নিদিয়ে ছাত্ৰ-ছাত্ৰীয়ে৷ আপোন ছাৰক বদলি কৰি নিব ওলোৱাত ক্ষোভিত হৈ প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী৷ বিহপুৰীয়াৰ ১০০ বছৰ গৰকা ঐতিহ্যমণ্ডিত লোহিত ডিক্ৰং উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শনিবাৰে শ শ ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেনীকোঠা এৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

বিদ্যালয়খনৰ হিন্দী শিক্ষক কনক বৰাক শিক্ষা বিভাগে অন্য এখন বিদ্যালয়লৈ বদলিকৰণ কৰাৰ প্ৰতিবাদ ক্ষোভিত আৰু মৰ্মাহত ছাত্ৰ-ছাত্ৰী প্ৰতিবাদ কৰিবলৈ বাধ্য হয়৷ প্ৰতিবাদী ছাত্ৰ-ছাত্ৰী সকলে, শিক্ষাবিভাগ হায় হায়, শিক্ষামন্ত্ৰী হায় হায়, বিজেপি চৰকাৰ হায় হায় আদি শ্ল’গানেৰে উত্তাল কৰে পৰিবেশ৷

ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ৰ অধ্যক্ষা আৰু পৰিচালনা সমিতিৰ সভাপতিক ব্যৱস্থা গ্ৰহন কৰিবৰ বাবে দাবী জনায়৷ বিহপুৰীয়া অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসুচীৰ জৰিয়তে শীঘ্ৰে শিক্ষকগৰাকীৰ বদলিকৰণ স্থগিত ৰখাৰ দাবী জনায়৷ শিক্ষা বিভাগে এই সিদ্ধান্ত প্ৰত্যাহাৰ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ-ছাত্ৰীয়ে৷