গহপুৰঃ গহপুৰত নেতাৰ অভাৱ নাই৷ সেয়া শাসকীয় দলৰে হওক নতুবা বিৰোধিৰে হওক৷ কিন্তু কাম কৰাৰ বাবে হে নেতা নাই৷ বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য সকলোতে আজিও পিছপৰি ৰৈছে ঐতিহ্যমণ্ডিত গহপুৰ৷ তাৰ মাজতে গহপুৰত প্ৰতিদিনে দেখা যায় এখন ভয়াবহ প্ৰতিচ্ছবি৷ মৰণক-শৰণ কৰি একাংশ ছাত্ৰ-ছাত্ৰীয়ে নৈৰ বুকুৰে পাৰ হৈ শিক্ষা গ্ৰহণ কৰিব যোৱাৰ দৃশ্যই ৰাইজক প্ৰতিদিনে শংকিত কৰে৷

গহপুৰৰ দক্ষিণ প্ৰান্তৰ ব্ৰহ্মপুত্ৰৰ নদীৰ দাঁতি কাষৰীয়া অঞ্চলৰ ছাত্ৰ-ছাত্ৰীয়ে বিপদ সংকুল ভাবে যাতায়াত কৰে। বাৰিষা-খৰালি টুলুঙা নাৱেৰে পাৰ হৈ মৰণক-শৰণ কৰি ছাত্ৰ-ছাত্ৰীয়ে শিক্ষাগ্ৰহণ কৰি আহিছে। ছ'গুৰি, বাৰুলে চাপৰি, চৰাইবাৰী আদিকে ধৰি প্ৰায় দহখন গাঁৱৰ ছাত্ৰ-ছাত্ৰীয়ে টুলুঙা নাৱেৰে যাতায়াত কৰি শিক্ষা গ্ৰহন কৰিছে যদিও এই দৃশ্য দেখি লাজ নালাগে বৰ বৰ নেতাৰ।

কংগ্ৰেছৰ বৰ বৰ নেতাই ডিঙিৰ শিৰ ফুলাই ভাষণ দি পোন্ধৰ বছৰ শাসন কৰিলে যদিও কণ কণ ছাত্ৰ-ছাত্ৰী জীৱনৰ পিনে চাবলৈ আহৰি নাপালে৷ ইপিননে জাতি, মাটিৰ কথা কৈ ডিঙিৰ শিৰ ফুলাই ৰাজ্যৰ শাসনৰ ভাৰ লোৱা বিজেপিয়ে দলৰ ন্তাৰ মাজতে অভিযোগ-প্ৰতি অভিযোগতে ব্যস্ত হৈ থাকিব লগা হৈছে৷

ৰাইজৰ কাম কৰাৰ পৰিবৰ্তে দলীয় আদৰ্শক বিস্তাৰ কৰাত হে ব্যস্ত হৈ পৰিছে৷ গহপুৰৰ দৰে আগশাৰীৰ ঠাইক কোনো এখন চৰকাৰে গুৰুত্ব আৰোপ নকৰাত নদীৰ ঘাটৰ নাৱৰীয়াক বছৰত দুবাৰ কৈ ধান, সৰিয়হ অথবা মাটিমাহ দি যাতায়াত কৰিব লগা হৈছে। ৰাওনামুখ গাঁও পঞ্চায়তৰ এই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ চকু মেলি চাবনে ৰাজ্যৰ বিজেপি চৰকাৰে।